
নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। অর্থনৈতিক সংস্কাৰক নতুন দিশ দিয়াৰ লক্ষ্যৰে জি এছ টিৰ হাৰৰ সালসলনি সন্দর্ভত জি এছ টি পৰিষদৰ সিদ্ধান্তক লৈ আনন্দ প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ ইয়াৰ পূৰ্বে জি এছ টি পৰিষদে সৰ্বসন্মতিক্ৰমে ১২ আৰু ২৮ শতাংশ স্লেব বিলুপ্ত কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছিল।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত জি এছ টিৰ সংস্কাৰৰ কথা কৈছিল। জি এছ টিৰ হাৰৰ পৰিৱৰ্তনৰ পৰা সাধাৰণ মানুহ, কৃষক আৰু মধ্যবিত্ত শ্ৰেণীয়ে প্ৰত্যক্ষ লাভ লাভ কৰিব। এই সিদ্ধান্তই মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি থকা সাধাৰণ জনতাৰ বাবে সকাহ আৰু অৰ্থনীতি শক্তিশালী কৰাৰ এক পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব পাৰে।
তেওঁৰ পোষ্টত তেওঁ লিখিছে যে সাধাৰণ জনতাৰ জীৱন সহজ কৰি তোলা আৰু অৰ্থনীতি শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ হাৰ যুক্তিসংগত কৰাৰ বাবে এক বিশদ খচৰা প্ৰস্তুত কৰিছিল। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ জি এছ টি পৰিষদে জি এছ টিৰ হাৰ হ্ৰাস আৰু সংস্কাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ খচৰাত সামূহিক অনুমোদন দিয়াত তেওঁ আনন্দ প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
