
মেক্সিকো চহৰ, ০৪ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকা আৰু মেক্সিকোৱে বুধবাৰে ঘোষণা কৰে যে দুয়োখন দেশে নিৰাপত্তা শক্তিশালী কৰা, কাৰ্টেলৰ বিৰুদ্ধে ব্যৱস্থা তীব্ৰতৰ কৰাৰ লগতে সীমা অতিক্ৰম কৰি চোৰাং ব্যৱসায় আৰু ইন্ধন চুৰি ৰোধৰ ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰাখিব। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই মেক্সিকো চহৰত উপস্থিত হৈ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবাম আৰু বৈদেশিক মন্ত্ৰী জুয়ান ৰেমন ডি লা ফুয়েণ্টেক সাক্ষাৎ কৰাৰ সময়ত এই ঘোষণা কৰে।
অৱশ্যে দুয়োখন দেশৰ মাজত কোনো আনুষ্ঠানিক চুক্তিৰ কথা ঘোষণা কৰা নাছিল, যিটো চুক্তি বিগত কেইবা সপ্তাহ ধৰি শ্বেইনবামে চেষ্টা কৰি আহিছিল। বৰঞ্চ দুয়োখন চৰকাৰে নতুন প্ৰতিশ্ৰুতিসমূহ ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিবলৈ উচ্চ পৰ্যায়ৰ ৰূপায়ণ ব্যৱস্থা স্থাপন কৰাৰ কথা কয়।
ইতিমধ্যে আমেৰিকা আৰু মেক্সিকোৱে কাৰ্টেল আৰু ফেণ্টানিল চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে একেলগে কাম কৰি আছে। যৌথ বিবৃতিটোত কোৱা হৈছে যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক “পাৰস্পৰিকতা, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি সন্মান, ভাগ-বতৰা আৰু পৃথক দায়িত্ব, আৰু পাৰস্পৰিক বিশ্বাস”ৰ নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
