-আগন্তুক কৌশলৰ ওপৰত আলোচনা
ডেৰাডুন, ২৮ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক ফোন কৰি উত্তৰকাশীৰ ছিল্কয়াৰাৰ নিৰ্মাণাধীন সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ সাহায্য আৰু উদ্ধাৰ কামৰ তথ্য গ্ৰহণ কৰে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়ে আগন্তুক কৌশল সন্দৰ্ভতো তেওঁৰ সৈতে আলোচনা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ মংগলৰ বিষয়ে মুখ্যমন্ত্ৰী ধামীৰ পৰা বুজ লয়। ড্ৰিলিং সম্পৰ্কে সম্পূৰ্ণ তথ্য লাভ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে ছিল্কয়াৰা সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ লগতে সাহায্যৰ কামত নিয়োজিত লোকসকলৰ সুৰক্ষাৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰি তেওঁলোকক উলিয়াই আনিব লাগে। সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ পৰিয়ালেও কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব নালাগে।
মুখ্যমন্ত্ৰী ধামীয়ে প্ৰধানমন্ত্ৰীক কয় যে হাতৰে খন্দা কাম আৰম্ভ কৰা হৈছে। এতিয়ালৈকে মুঠ ৫২ মিটাৰ পাইপ ঠেলি দিয়া হৈছে। যদি কোনো ডাঙৰ বাধা নাথাকে তেন্তে শীঘ্ৰে সকলো শ্ৰমিকক মোকলাই অনা হ’ব। সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা সকলো শ্ৰমিকৰ স্বাস্থ্য ভালে আছে। সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত শ্ৰমিক, অভিযন্তা আৰু বিশেষজ্ঞ বিষয়াসকলে যৎপৰোনাস্তি চেষ্টা চলাইছে।
মুখ্যমন্ত্রীয়ে কয় যে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা সকলো শ্ৰমিকলৈ নিয়মিতভাৱে মানসম্পন্ন খাদ্য প্ৰেৰণ কৰা হৈছে। সকলো শ্ৰমিককে চিকিৎসক আৰু মনোৰোগ বিশেষজ্ঞৰ সৈতেও অহৰহ যোগাযোগত ৰখা হৈছে। সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ পৰিয়ালৰ সৈতেও ধাৰাবাহিক আলোচনা চলি আছে। তেওঁ জনোৱা মতে, এছডিআৰএফে স্থাপন কৰা যোগাযোগ ব্যৱস্থাৰ উপৰিও বিএছএনএলে টেলিফোনিক যোগাযোগ ব্যৱস্থাও স্থাপন কৰিছে।
মুখ্যমন্ত্রী ধামীয়ে কয় যে আৱদ্ধ শ্রমিকসকলক উলিয়াই অনাৰ পাছত সকলো প্রস্তুতি সম্পূর্ণ হৈছে ৷ তেওঁ জনোৱা মতে, থিতাতে এছডিআৰএফ, এনডিআৰএফ মোতায়েন কৰা হৈছে। থিতাতে উপস্থিত আছে চিকিৎসকৰ দলটোও। ২৪ ঘণ্টাই সকলো বিষয়াক সতৰ্ক কৰি ৰখা হৈছে।
হিন্দুস্থান সমাচাৰ/ৰাজেশ/মনোজ
