ধেমাজি, ২৮ নৱেম্বৰ (হি.স.): আগন্তুক ৬ মাহৰ ভিতৰত গেৰুকামুখ প্ৰকল্পৰ পৰা শক্তি উৎপাদনৰ ঘোষণা কৰিছে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিংহই। গেৰুকামুখৰ প্ৰকল্প স্থলীৰ সভাকক্ষত কালি সন্ধিয়া কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিংহই এক সংবাদমেলত এই কথা ঘোষণা কৰে ৷
মন্ত্ৰীগৰাকীয়ে আগন্তুক ৬ মাহৰ ভিতৰত গেৰুকামুখ প্ৰকল্পৰ পৰা শক্তি উৎপাদন হোৱাৰ কথা ঘোষণা কৰাৰ লগতে অৰুণাচল আপাৰ চিয়াঙত ১১ হাজাৰ মেগাৱাট ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ কথাও উল্লেখ কৰে ৷ তেওঁ কয় যে ভাৰতবৰ্ষত বিদ্যুৎৰ অতিকে প্ৰয়োজন আছে ৷ সেয়েহে বিদ্যুৎ উৎপাদনৰ বাবে বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ ব্যবস্থা কৰা হৈছে ৷ অৰুণাচলত ১৩ প্ৰজেক্টত ১৩ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন বাবে ইতিমধ্যে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
