চেন্নাই/অমৰাৱতী, ০৫ ডিছেম্বৰ (হি.স.)। পশ্চিম-মধ্য বংগ উপসাগৰৰ ওপৰত হোৱা ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহা মিচং যোৱা ৬ ঘণ্টাৰ ভিতৰত প্ৰতি ঘণ্টাত সাত কিলোমিটাৰ বেগত উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে। আজি মঙলবাৰে নেল্লোৰ আৰু মাচিলিপাটনামৰ মাজত দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূল পাৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱৰ বাবে তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জীৱন ব্যাহত হৈ পৰে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ চেন্নাই কেন্দ্ৰই পুৱা সকীয়াই দিছে যে তামিলনাডুৰ ১০খন জিলা ক্ৰমে চেন্নাই, তিৰুৱল্লুৰ, চেংগালপট্টু, কাঞ্চিপুৰম, ৰানিপেট আৰু ভেল্লোৰত ধুমুহা আৰু বজ্ৰপাতৰ সৈতে মধ্যমীয়া বৰষুণ হ’ব পাৰে। ইফালে কালি (সোমবাৰে) তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে বিষয়াসকলৰ সৈতে প্ৰবল বৰষুণৰ ফলত হোৱা ক্ষতিৰ বিষয়ে আলোচনা কৰি সাহায্য আৰু উদ্ধাৰ অভিযানৰ বিষয়ে তথ্য গ্ৰহণ কৰে।
য়োৱাকালি (সোমবাৰ) চেন্নাইত ঘূৰ্ণীবতাহৰ বাবে সংঘটিত হোৱা পৃথক পৃথক ঘটনাত ৫জন লোকে প্ৰাণ হেৰুৱাইছে। প্ৰচণ্ড বতাহৰ ফলত ৰাজ্যত উভালি পেলোৱা হৈছে গছ। দুয়োখন ৰাজ্যৰ বহু ঠাইত পানী জমা হোৱাৰ ফলত জীৱন ক্ষতিগ্ৰস্ত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি ওড়িশা, তেলেংগানা আৰু পুডুচেৰীতো বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
