নতুন দিল্লী, ০২ নৱেম্বৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে কয় যে পুথিভঁৰাল কেৱল গ্ৰন্থৰ ভঁৰাল নহয়, জ্ঞান, চিন্তা, আৰু সৱলীকৰণৰ মন্দিৰ।
উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে কেৰালাৰ সংগঠিত পুথিভঁৰাল আন্দোলনৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে শনিবাৰে ত্ৰিবেন্দ্ৰমৰ কনকাক্কুন্নু প্ৰাসাদত পি.এন. প্যানিকৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সন্মিলন লাইব্ৰেৰীজ এম্পাৱাৰিং কমিউনিটিজ – গ্ল’বেল পাৰ্চপেক্টিভছ অনুষ্ঠানত ভাৰ্চুৱেলভাৱে ভাষণ দিছিল । তেওঁ কয় যে পঢ়া সংস্কৃতি, ডিজিটেল সাক্ষৰতা, আৰু জ্ঞানৰ জৰিয়তে সমাজখনক সবলীকৰণত ফাউণ্ডেচনে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ফাউণ্ডেশ্যনৰ শ্লোগান ৱাইচু ৱালৰুকা (পঢ়ক আৰু আগুৱাই যাওক) সমাজখনক জ্ঞান আৰু অন্তৰ্ভুক্তিৰ দিশত অনুপ্ৰাণিত কৰি আহিছে।
ৰাধাকৃষ্ণনে কয় যে ভাৰত অতীজৰে পৰা জ্ঞান আৰু শিক্ষাৰ দেশ। সমাজত আধ্যাত্মিক চেতনা আৰু ঐক্যৰ বাৰ্তা প্ৰচাৰৰ বাবে আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছিল। ভাৰতৰ বহু ঋষি, চিন্তাবিদে নিজৰ মমতা, প্ৰজ্ঞা, দূৰদৰ্শিতাৰে এই সভ্যতাক সমৃদ্ধ কৰি তুলিছে। তেওঁ কয় যে আজিৰ ডিজিটেল যুগত তথ্যৰ প্ৰচুৰতা থকাত পুথিভঁৰালসমূহ প্ৰকৃত আৰু নিৰ্ভৰযোগ্য জ্ঞানৰ কেন্দ্ৰ হৈয়েই আছে। তেওঁ কয় যে প্ৰযুক্তিয়ে তথ্যৰ তৎক্ষণাত প্ৰৱেশ প্ৰদান কৰে, কিন্তু পুথিভঁৰালসমূহে গভীৰতা, প্ৰতিফলন আৰু অৰ্থপূৰ্ণ আলোচনাৰ পোষকতা কৰে।
এই দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন ২ আৰু ৩ নৱেম্বৰত অনুষ্ঠিত হৈছে। এই সন্মিলনত ভাৰত আৰু বিদেশৰ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক, শিক্ষাবিদ, আৰু ডিজিটেল উদ্ভাৱকসকলে অংশগ্ৰহণ কৰে। সন্মিলনত পুথিভঁৰালসমূহৰ পৰিৱৰ্তিত ভূমিকা, ডিজিটেল প্ৰৱেশ, আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ বিষয়ে আলোচনা কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
