• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ০১ আগষ্ট: অসহযোগ আন্দোলনৰ আৰম্ভণি
National

ইতিহাসৰ পৃষ্ঠাত ০১ আগষ্ট: অসহযোগ আন্দোলনৰ আৰম্ভণি

CliQ INDIA
Last updated: July 31, 2025 2:45 pm
CliQ INDIA
Share
5 Min Read
SHARE

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ১৯২০ চনৰ ০১ আগষ্ট তাৰিখে এক গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট কঢ়িয়াই আনিছিল, যেতিয়া মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ ক্ৰমবৰ্ধমান অতিমাত্ৰাৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলন ভাৰতীয়সকলক সত্যগ্ৰহ, অহিংসা আৰু আত্মনিৰ্ভৰশীলতাৰ পথত একত্ৰিত কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা আছিল।

অসহযোগ আন্দোলনৰ অধীনত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠানসমূহৰ লগত মানুহে সহযোগিতা বন্ধ কৰি দিলে। ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় এৰিলে, অধিবক্তাই ব্ৰিটিছ আদালত বৰ্জন কৰিলে আৰু শ্ৰমিকসকলে বৃহৎ পৰিসৰত ধৰ্মঘট কৰিলে। চৰকাৰী তথ্য অনুসৰি ১৯২১ চনত মুঠ ৩৯৬টা ধৰ্মঘট সংঘটিত হৈছিল, য’ত ৬ লাখতকৈ অধিক শ্ৰমিকে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ ফলত ৭০ লাখ কৰ্মদিনৰ লোকচান হৈছিল। ই ব্ৰিটিছ শাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিল।

এই আন্দোলন কেৱল চহৰ-নগৰতে সীমাবদ্ধ নাছিল বৰঞ্চ ইয়াৰ প্ৰতিধ্বনি গাঁও-নগৰলৈকে বিয়পি পৰিছিল। ১৮৫৭ চনৰ প্ৰথম স্বাধীনতা যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ শাসনৰ ভেটি বেয়াকৈ কঁপিছিল। যদিও এই আন্দোলন সম্পূৰ্ণৰূপে অহিংসাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল, তথাপিও ১৯২২ চনৰ ০৫ ফেব্ৰুৱাৰীত গোৰখপুৰ জিলাৰ চৌৰী চৌৰা চহৰৰ থানাত আন্দোলনকাৰী দলে অগ্নিসংযোগ কৰি কেইবাজনো আৰক্ষীৰ মৃত্যু ঘটাইছিল।

এই হিংসাত্মক ঘটনাত গান্ধী জীয়ে গভীৰভাৱে আঘাত পাইছিল। তেওঁ তাৎক্ষণিকভাৱে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰি কয় যে ‘ভাৰত এই সময়ত অহিংসাৰ পথ অনুসৰণ কৰিবলৈ সাজু নহয়।’

অন্যান্য মুখ্য ঘটনাৱলী:

১৭৩২ – বেংক অৱ ইংলেণ্ড উদ্বোধন হয়।

১৮৩১ – নতুন লণ্ডন দলংখন যাতায়তৰ বাবে মুকলি কৰা হয়।

১৮৩৪ – ব্ৰিটিছ সাম্ৰাজ্যত ১৮৩৩ চনৰ দাসত্ব বিলোপ আইন বলবৎ হয়।

১৮৬৯ – ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া হাৰক’ৰ্ট বাটলাৰ উত্তৰ প্ৰদেশৰ প্ৰথম গৱৰ্ণৰ হয়।

১৮৮৩ – গ্ৰেট ব্রিটেইনত আভ্যন্তৰীণ ডাক সেৱা আৰম্ভ হয়।

১৯১৬ – ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী এনি বেছাণ্টে হোম ৰুল লীগ আৰম্ভ কৰে।

১৯২০ – মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰে।

১৯৫৩ – কিউবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোক গ্ৰেপ্তাৰ কৰা হয়।

১৯৫৩- এয়াৰ কৰ্পৰেশ্যন এক্টৰ অধীনত দেশৰ সকলো বিমান সংস্থাক ৰাষ্ট্ৰীয়কৰণ কৰা হয়।

১৯৫৭ – নেচনেল বুক ট্ৰাষ্ট স্থাপন কৰা হয়।

১৯৬০ – পাকিস্তানৰ ৰাজধানী কৰাচীৰ পৰা ইছলামবাদলৈ সলনি কৰা হয়।

১৯৭৫ – দুৰ্গা বেনাৰ্জীয়ে বাণিজ্যিক যাত্ৰীবাহী বিমান চলোৱা বিশ্বৰ প্ৰথম পেছাদাৰী মহিলা পাইলট হিচাপে পৰিগণিত হয়।

১৯৮১ – এমটিভি আৰম্ভ হয়।

১৯৯৫ – হাবল টেলিস্কোপৰ দ্বাৰা শনিৰ আন এটা চন্দ্ৰ আৱিষ্কাৰ কৰা হয়।

২০০০ – ইৰাণত প্ৰথমবাৰৰ বাবে মহিলাসকলকো মাদ্ৰাছাত ইমাম হোৱাৰ অধিকাৰ প্ৰদান কৰা হয়।

২০০৪ – ভাৰতক পৰাস্ত কৰি শ্ৰীলংকাই এছিয়া কাপ ক্ৰিকেটত জয়লাভ কৰে।

২০০৭ – ভিয়েটনামৰ হানয় চহৰত আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াড (IMO) অনুষ্ঠিত হয়, য’ত ভাৰতীয় দলৰ ৬ জন সদস্যই তিনিটা ৰূপৰ পদক লাভ কৰে।

২০০৮ – ভাৰতৰ বিশেষ নিৰীক্ষণ চুক্তিক আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ ব’ৰ্ডে সেউজ সংকেত প্ৰদান কৰে।

২০২১ – ভাৰতীয় বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।

২০২১ – ভাৰতে আগষ্ট মাহৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।

জন্ম:

১৮৬৯ – হাৰক’ৰ্ট বাটলাৰ – উত্তৰ প্ৰদেশৰ প্ৰথম গৱৰ্ণৰ

১৮৮২ – পুৰুষোত্তম দাস তণ্ডন – স্বাধীনতা সংগ্ৰামী ১৮৯৯ – কমলা নেহৰু – প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পত্নী

১৯১০ চনত মহম্মদ নিছাৰ – ভাৰতীয় ক্ৰিকেটাৰ

১৯১৩ চনত ভগৱান দাদা – বিখ্যাত চলচ্চিত্ৰ অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক-পৰিচালক

১৯২৪ – শ্বাহ আব্দুল্লা – চৌদি আৰৱৰ ৰজা ১৯২৪ – ফ্ৰেংক ৱৰেল – ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ

১৯৩২ – মীনা কুমাৰী – বিখ্যাত চলচ্চিত্ৰ অভিনেত্ৰী ১৯৩৯ – গোবিন্দ মিশ্ৰ – বিখ্যাত সাহিত্যিক

১৯৫৫ – অৰুণ লাল – প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ

১৯৮৭ – তাপসী পান্নু – অভিনেত্ৰী ১৯৯২ – মৃণাল ঠাকুৰ – অভিনেত্ৰী

মৃত্যু:

১৫৯১ – আজিৰ দিনটোতে উৰ্ফী শিৰাজী – মোগল দৰবাৰৰ অন্যতম বিখ্যাত কবি।

১৯১৩ চন – দেৱকিনন্দন খাত্ৰী – হিন্দীৰ মহান আৰু প্ৰথম যাদুকৰী সাহিত্যিক।

১৯২০ – বাল গংগাধৰ তিলক – পণ্ডিত, গণিতজ্ঞ, দাৰ্শনিক আৰু ভাৰতীয় জাতীয়তাবাদী নেতা

১৯৬৯ – আজিৰ দিনটোতে কান্তে মহাৰাজ – ভাৰতৰ অন্যতম বিখ্যাত তবলাবাদক আছিল।

১৯৯৯ – ভাৰতত জন্মগ্ৰহণ কৰা বিখ্যাত বাংলা আৰু ইংৰাজী সাহিত্যিক আৰু পণ্ডিত নিৰদ চন্দ্ৰ চৌধুৰী।

২০০০ – আলী চৰ্দাৰ জাফ্ৰি – বিখ্যাত কবিক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়।

২০০১ – বেগম আইজাজ ৰছুল – ভাৰতীয় সংবিধান সভাৰ একমাত্ৰ মুছলমান মহিলা সদস্য আছিল।

২০০৮ – হৰকিষণ সিং সুৰজিত – ভাৰতীয় ৰাজনীতিবিদ।

২০১৮ – আজিৰ দিনটোতে ভীষ্ম নাৰায়ণ সিং – এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যি অসম আৰু মেঘালয়ৰ ৰাজ্যপাল আছিল।

২০১৮ – জলীছ শ্বেৰৱানী – ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু গীতিকাৰ।

২০২০ – অমৰ সিং – ভাৰতীয় ৰাজনীতিবিদ, যি সমাজবাদী পাৰ্টিৰ সৈতে জড়িত আছিল।

গুৰুত্বপূৰ্ণ দিন আৰু অনুষ্ঠান:

-লোকমান্য তিলক সোঁৱৰণী দিৱস

-ৰাজৰ্শী পুৰুষোত্তম দাস তণ্ডন জয়ন্তী

-বিশ্ব স্তনপান সপ্তাহ, ১-৭ আগষ্ট (WHO)

-বিশ্ব হাওঁফাওঁৰ কৰ্কট ৰোগ দিৱস

-বেনিন স্বাধীনতা দিৱস

-চুইজাৰলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবিনৰ মা কামাখ্যা মন্দিৰ দৰ্শন
ছত্তীশগড়ৰ গৰিয়াবন্দৰ উদন্ত আঞ্চলিক সমিতিৰ কমাণ্ডাৰৰ সতীৰ্থসকলক অস্ত্ৰ ত্যাগ কৰিবলৈ আহ্বান
প্ৰধানমন্ত্ৰী মোডীকে ধৰি বহু নেতাৰ ৰাহুল গান্ধীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন
মমতা, অভিষেকৰ বংগ নিৰ্বাচনী অভিযান আৰম্ভ; পথাৰপ্ৰতিমাত ৪০,০০০ ভোটৰ লক্ষ্য নিৰ্ধাৰণ
সেনাৰ ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ড ইউনিটৰ ‘চোৰাংচোৱা’ মেজৰ বৰ্খাস্ত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ফ্ৰান্স, ব্ৰিটেইনৰ পিছত কানাডাইও পেলেষ্টাইনক স্বীকৃতি দিয়াৰ ঘোষণা, ইজৰাইলে এই প্ৰচেষ্টাক ভণ্ডামি বুলি অভিহিত
Next Article বাক্সাৰ শালবাৰীৰ এলেঙামাৰীত কিশোৰৰ সলিল সমাধি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?