নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। বৃহস্পতিবাৰে কংগ্ৰেছত যোগদান কৰে ৱাই এছ আৰ তেলেংগানা পাৰ্টিৰ মুৰব্বী ৱাই এছ শৰ্মিলাই। তেওঁ নিজৰ দলটিক কংগ্ৰেছত চামিল কৰিছে।
এই তথ্য দি কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কয় যে আজি নতুন দিল্লীত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীৰ উপস্থিতিত অন্ধ্ৰপ্ৰদেশৰ জ্যেষ্ঠ নেতা ৱাই এছ শৰ্মিলাই কংগ্ৰেছত যোগদান কৰে।
সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা সময়ত শৰ্মিলাই কয় যে আজিৰ পৰা ৱাই এছ আৰ তেলেংগানা পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অংশ হ’বলৈ যোৱাত তেওঁ সুখী। কংগ্ৰেছ এতিয়াও আমাৰ দেশৰ সৰ্ববৃহৎ ধৰ্মনিৰপেক্ষ দল আৰু সদায় ভাৰতৰ প্ৰকৃত সংস্কৃতিক ৰক্ষা কৰি আমাৰ ৰাষ্ট্ৰৰ ভেটি গঢ়ি তুলিছে।
উল্লেখযোগ্য যে দিল্লীত উপস্থিত হোৱাৰ পাছত শৰ্মিলাই প্ৰথমে কংগ্ৰেছ হাইকমাণ্ডক সাক্ষাৎ কৰাৰ পিছত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰে। শৰ্মিলা অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ ভগ্নী আৰু ৱাই এছ আৰ তেলেংগানা পাৰ্টিৰ মুৰব্বীৰ দায়িত্বত আছিল।
হিন্দুস্থান সমাচাৰ/আশুতোষ/মনোজ
