দৰং, ০৪ জানুৱাৰী(হি.স.)। দৰং জিলাৰ দলগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ত এক ভাললগা ব্যতিক্ৰমী পৰিবেশ বিৰাজ কৰিছে। পখিলা পুহিয়ে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দলগাঁৱৰ কস্তৰবা গান্ধী ছোৱালী বিদ্যালয় খন । এই ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়খনত ছাত্ৰী সকলে পখিলা পুহিছে। লগতে বিভিন্ন হাতৰ কাম কৰিছে ৷ বিদ্যালয় খনত চৌপাশে না ৰং বিৰঙী ফুল তথা বিদ্যালয় খনত আছে তাঁত শাল। লগতে সেউজীয়া শাক পাচলিৰ খেতি।
দলগাঁও কস্তৰবা গান্ধী উচ্চতৰ মাধ্যমিক আৱাসিক বিদ্যালয় খনত আছে এক সেউজীয়া দৃষ্টিনন্দন পৰিবেশ । বিদ্যালয়ৰ চৌপাশে না ৰঙৰ ফুলৰ গছ গছনিৰে ভৰা। আৱাসিক বিদ্যালয় খনত ছাত্ৰী সকলে নিজেই আজৰি সময়ত সকলো কাম কৰে । মাটিৰ চাকিৰ লগতে অন্যান্য মাটিৰ সামগ্ৰী প্ৰস্তত কৰিছে । সাধাৰণ চৰকাৰী বিদ্যালয়তকৈ অলপ সুকীয়া এই বিদ্যালয় খন। ২০০৮ চনতে স্থাপিত হোৱা এই বিদ্যালয়ত বৰ্তমান সকলোৰে আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰিছে। ছাত্ৰী সকলৰ পাঠ্যক্ৰমৰ লগতে পৰিৱেশ সজাগতা, চাফ-চিকুনতা, বিভিন্ন হাতৰ কাম আদিয়ে সকলোকে আকৰ্ষিত কৰে। বিদ্যালয় খনৰ ১২৯ গৰাকী ছাত্ৰী সকলোকে সুন্দৰভাৱে সকলো কাম শিকাই গৈছে বিদ্যালয় খনৰ শিক্ষয়িত্ৰী সকলে। বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্ৰী অলি দেৱীৰ এনে আদৰ্শ প্রচেষ্টাক সম্প্ৰতি শলাগ লৈছে সকলোৱে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
