– অসমৰ ১০৬ স্থানত অনুষ্ঠিত হ’ব সন্মিলন, ২ লক্ষাধিক নতুন ভোটাৰে শুনিব প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণ
গুৱাহাটী, ২৫ জানুৱাৰী (এইচ এছ)। ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাই দেশজুৰি ১৮ৰ পৰা ২৩ বছৰ বয়সৰ প্ৰথমবাৰৰ বাবে ভোটদান কৰা সকলক দলৰ সৈতে সংযোগ কৰিবলৈ এক অভিযান চলাইছে। এই ক্ৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (বৃহস্পতিবাৰ) পুৱা ১১:১৫ বজাত পাঁচ হাজাৰ স্থানত আয়োজিত ‘নামো নৱভোটাৰ সন্মিলন’ত দেশৰ চিনাক্তকৃত ৫০ লাখ নতুন ভোটাৰক ভাৰ্চুৱেলি সম্বোধন কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ দুই লক্ষাধিক অসমৰ নতুন ভোটদাতাক ভাৰ্চুৱেলি সম্বোধন কৰিব। ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অসমৰ ১০৬ টা সমষ্টিৰ দুটাকৈ স্থানত আয়োজিত নতুন ভোটদাতা সন্মিলনত এহেজাৰৰো অধিক নতুন ভোটদাতাই অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ/অৰবিন্দ
