নতুন দিল্লী, ২২ জুলাই (হি.স.)। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদৰ পৰা পদত্যাগ স্বীকাৰ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভূমিকাক আলোকপাত কৰিছে।
গৃহ মন্ত্ৰালয়ে সংবিধানৰ ৬৭এ অনুচ্ছেদৰ অধীনত এক অধিসূচনা জাৰি কৰি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদত্যাগ সন্দৰ্ভত অৱগত কৰিছে। স্বাস্থ্যজনিত কাৰণত সোমবাৰে পদৰ পৰা পদত্যাগ কৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে।
আজি প্ৰধানমন্ত্ৰী মোদীয়ে এক্স-পোষ্টত কয়, জগদীপ ধনখৰ জীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি বহু ভূমিকাত দেশৰ সেৱা কৰাৰ সুযোগ পাইছে। তেওঁৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
লক্ষণীয় যে সংসদৰ বাৰিষা অধিৱেশনৰ আৰম্ভণিতে উপ-ৰাষ্ট্ৰপতিৰ পদত্যাগ সকলোৰে বাবে আচৰিত হৈ পৰিছিল। পদত্যাগ কৰাৰ পিছত নতুন উপ-ৰাষ্ট্ৰপতিগৰাকীক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
