নগাঁও, ২২ জুলাই (হি.স.)। নগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী ।ধৃত চাইবাৰ অপৰাধীটোৰ নাম হবিবুৰ ৰহমান, ঘৰ বটদ্ৰৱাৰ কদমনিত।এয়াৰটেল পেমেন্ট বেংকৰ জড়িয়তে ধিং ,বটদ্ৰৱাৰ বিভিন্ন ঠাইৰ ৰাইজৰ পৰা সৰকাইছিল ধন।
এয়াৰটেল পেমেন্ট বেংকৰ ৰ নামত সাধাৰণ ৰাইজৰ একাউণ্ট খুলি লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে হবিবুৰ ৰহমানৰ বিৰুদ্ধে ।নিজকে বিজেপি নেতা বুলি ভাবুকি প্রদান কৰি আহিছে হবিবুৰ ৰহমানে। ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত হবিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।অধিক তথ্যৰ বাবে বটদ্ৰৱা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ধৃত চাইবাৰ অপৰাধীটোক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
