ঢাকা, ২২ জুলাই (হি.স.)। বাংলাদেশৰ ৰাজধানী ঢাকাৰ উত্তৰাস্থিত মাইলষ্টোন স্কুল এণ্ড কলেজৰ অট্টালিকাত সোমবাৰে বাংলাদেশৰ বায়ুসেনাৰ প্ৰশিক্ষণ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা ঘটনাত মৃতকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ২৫ টা শিশুও আছে। বায়ুসেনাৰ তৰফৰ পৰাও নিজা পৰ্যায়ত এই বিমান দুৰ্ঘটনাৰ তদন্ত কৰি আছে।
দ্য ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি মুখ্য উপদেষ্টাগৰাকীৰ বিশেষ সহায়ক (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) অধ্যাপক মহম্মদ ছাইদুৰ ৰহমানে আজি পুৱা নেশ্যনেল ইনষ্টিটিউট অৱ বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰীত অনুষ্ঠিত এক সংবাদমেলত মৃত্যুৰ সংখ্যা নিশ্চিত কৰে।
তেওঁ কয় যে এই দুৰ্ঘটনাত আহত কমেও ৭৮ জন লোকক বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। ইয়াৰে ৫ জনৰ অৱস্থা সংকটজনক। ৰহমানে জানিবলৈ দিয়া মতে, নিহতসকলৰ ভিতৰত ২৫টা শিশুও আছে। এই শিশুসকলৰ বহুতৰে বয়স ১২ বছৰৰ তলৰ। আনহাতে নিহত হোৱা আন দুজনৰ ভিতৰত আছে বিমানখনৰ পাইলট আৰু এগৰাকী স্কুলৰ শিক্ষক।
তেওঁ কয় যে এই পৰ্যন্ত ২০টা মৃতদেহ তেওঁলোকৰ পৰিয়ালক গতাই দিয়া হৈছে। চিকিৎসালয়ৰ বিষয়াসকলে জনোৱা মতে, নেশ্যনেল বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰী ইনষ্টিটিউটত সেনাবাহিনী মোতায়েন কৰি নিহতসকলৰ আত্মীয় আৰু অন্যান্য লোকৰ ভিৰ নিয়ন্ত্ৰণ কৰা হৈছে।
মন কৰিবলগীয়া যে চীনত নিৰ্মিত এই প্ৰশিক্ষণ যুঁজাৰু বিমান এফ-৭ বিজিআইৰ উৰণৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে কাৰিকৰী ত্ৰুটি হৈছিল। বাংলাদেশ আন্তঃসেৱা জনসংযোগ বিভাগৰ তথ্য অনুসৰি এই বিমানখনে দিনৰ ১:০৬ বজাত হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। ইয়াৰ কিছু সময়ৰ পাছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্য বিষয়া লিমা খানামে জনোৱা মতে, এই দুৰ্ঘটনাৰ বিষয়ে আমাক দিনৰ ১:১৮ বজাত অৱগত কৰা হৈছিল। একাংশ বাতৰিত দুৰ্ঘটনাটোৰ সময় দুপৰীয়া ১:৩০ বজাত বুলি উল্লেখ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
