নতুন দিল্লী, ২৭ জুন (হি.স.)। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে শুকুৰবাৰে উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহত ‘সেউজ সম্প্ৰসাৰণ’ অভিযানৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে তেওঁ পৃথিৱীখনক সুৰক্ষিত কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ গুৰুতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে ক্ষীপ্ৰ আৰু সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ‘সেউজ সম্প্ৰসাৰণ’ অভিযানৰ প্ৰতিনিধিসকলক সোঁৱৰাই দিয়ে যে মানৱতাৰ জীয়াই থাকিবলৈ আন কোনো গ্ৰহ নাই, গতিকে আমি আমাৰ পৃথিৱীখনক সুৰক্ষিত কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ ল’ব লাগিব। তেওঁ ‘পঞ্চ প্ৰাণ’ৰ মনোভাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে ইয়াৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ সংকল্প শক্তিশালী হ’ব। তেওঁ ‘মাতৃৰ নামত এডাল গছ’ (এক পেড মা কে নাম) পদক্ষেপৰ অধীনত অধিকতকৈ অধিক বৃক্ষৰোপণৰ আহ্বান জনাই এই অভিযানক গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
