নতুন দিল্লী, ২৭ জুন (হি.স.)। দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ২০ জুনত সমাপ্ত হোৱা সপ্তাহটোত ১.০১ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৭.৯৩ বিলিয়ন ডলাৰ হয়। বিগত ১৩ জুনত সমাপ্ত হোৱা সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুত ২.২৯ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৯৮.৯৫ বিলিয়ন ডলাৰ হয়।
ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে এই তথ্য প্ৰদান কৰে। ইয়াৰ মতে এই সময়ছোৱাত বৈদেশিক মুদ্ৰাৰ মজুতৰ মূল উপাদান বৈদেশিক মুদ্ৰাৰ সম্পত্তি ৩৫৭ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৫৮৯.০৬ বিলিয়ন ডলাৰ হৈছে।
ইয়াৰ পূৰ্বে ২০ জুনত সমাপ্ত হোৱা সপ্তাহটোত সোণৰ মজুতৰ মূল্য ৫৭৩ মিলিয়ন ডলাৰ হ্ৰাস পাই ৮৫.৭৪ বিলিয়ন ডলাৰ হৈছে। একে সময়তে বিশেষ ড্ৰয়িং ৰাইটছ (এছডিআৰ) ৮৫ মিলিয়ন ডলাৰ হ্ৰাস পাই ১৮.৬৭ বিলিয়ন ডলাৰ হয়।
এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সৈতে ভাৰতৰ ৰিজাৰ্ভও ১০ লাখ ডলাৰ হ্ৰাস পাই ৪.৪৫ বিলিয়ন ডলাৰ হয়।
মন কৰিবলগীয়া যে ২০২৪ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
