পাটনা, ২৭ জুলাই (হি.স.)। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দেওবাৰে পুৱা বিহাৰত চাফাই কৰ্মচাৰী আয়োগ গঠনৰ কথা ঘোষণা কৰে। মাত্ৰ যোৱা কালি শনিবাৰে পুৱা তেওঁ সাংবাদিকৰ পেঞ্চন বৃদ্ধিৰ কথা ঘোষণা কৰিছিল।
আজি পুৱা নীতিশ কুমাৰে এক্স পোষ্টত লিখিছে যে বিহাৰৰ অনাময় কৰ্মীৰ অধিকাৰ আৰু স্বাৰ্থৰ সুৰক্ষা, কল্যাণ, পুন: সংস্হাপন, সামাজিক উত্থান, অভিযোগৰ প্ৰতিকাৰ আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ নিৰীক্ষণৰ বাবে বিহাৰ ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠন কৰিবলৈ বিভাগক নিৰ্দেশ দিছে।
তেওঁ কয় যে এই আয়োগে অনাময় কৰ্মীৰ স্বাৰ্থ আৰু তেওঁলোকৰ অধিকাৰৰ সুৰক্ষাৰ সন্দৰ্ভত চৰকাৰক পৰামৰ্শ আগবঢ়াব আৰু অনাময় কামত নিয়োজিত লোকসকলৰ সৈতে জড়িত কল্যাণমূলক আঁচনিসমূহ পুনৰীক্ষণ কৰি কাৰ্যকৰী কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বিহাৰ ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু পাঁচজন সদস্য থাকিব, ইয়াৰে এগৰাকী মহিলা/ট্ৰান্সজেণ্ডাৰ হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
