কামৰূপ, ২৭ জুন (হি.স.)। আজি দদৰা আৰক্ষীৰ বৃহৎ সফলতা ।অভিযোগৰ ৪৮ ঘন্টাৰ ভিতৰতে আটক কৰিবলৈ সক্ষম হয় দুজনকৈ গৰু চোৰ।বুধবাৰে নিশা কামৰূপৰ পছৰিয়াত বিলাসী বাহনৰে চুৰি কৰিছিল দুটাকৈ গৰু ।গৰু চোৰৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চি চি কেমেৰাত ।
তাৰ পিছতেই দদৰা আৰক্ষী আৰু হাজো আৰক্ষীৰ এক গোপন অভিযানত মুকলমুৱাৰ গলদিঘলা কুৰুৰ পৰা আটক কৰে দুটাকৈ গৰু চোৰ সহ এক্স ইউ ভি ৭০০ বাহন এখন ।চোৰ দুজন ইমৰান হুছেইন ( পাণ্ডা) আৰু সীমান্ত দাস (লুলো)দুয়োজনৰে ঘৰ মুকলমুৱাৰ গলদিঘলা কুৰুত আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথান যেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
