নতুন দিল্লী, ০৭ ছেপ্টেম্বৰ (হি স) । বতৰ বিজ্ঞান বিভাগে চলিত সপ্তাহৰ সোমবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে অসম আৰু মেঘালয়ত বিক্ষিপ্ত ভাৱে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে। উত্তৰ-পূব অঞ্চলত অহা কেইদিনমানৰ বাবে বজ্ৰপাতৰ সৈতে সামান্যৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে আগন্তুক দুদিনলৈ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ একাংশ অঞ্চলত মুষলধাৰ বৰষুণৰ পূৰ্বানুমান প্ৰকাশ কৰিছে।
একেদৰে গুজৰাট আৰু ৰাজস্থানতো বৰষুণৰ পূৰ্বানুমান বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে জনাইছে যে আগন্তুক কেইদিনমানৰ ভিতৰত পূব মধ্য প্ৰদেশ, ওড়িশা, হিমালয়ৰ পাদদেশৰ পশ্চিম বংগ, বিহাৰ আৰু ছিকিমতো বৰষুণৰ সম্ভাৱনা। তদুপৰি অহা দুদিনলৈ তামিলনাডু, পুডুচেৰী, উত্তৰাখণ্ডৰ একাংশ অঞ্চলত প্ৰচণ্ড বৰষুণৰ পূৰ্বানুমান পোৱা গৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
