কাঠমাণ্ডু, ০৭ ছেপ্টেম্বৰ (হি.স.)। চীন আৰু নেপালৰ সেনাবাহিনীৰ মাজত ‘সাগৰমথা মৈত্ৰী’ অনুশীলনৰ পঞ্চম সংস্কৰণ দেওবাৰৰ পৰা কাঠমাণ্ডুত আৰম্ভ হয়। দহদিনীয়া এই অনুশীলনত সন্ত্ৰাসবাদ বিৰোধী অভিযান, যুদ্ধ প্ৰশিক্ষণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
এই অনুশীলনত অংশগ্ৰহণৰ বাবে যোৱা ৫ ছেপ্টেম্বৰত লাছাৰ পৰা ইয়ালৈ আহিছিল চীনৰ পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ ৩৭ জনীয়া সামৰিক দল। এইবাৰৰ অনুশীলন চীনৰ ছিচুয়ান প্ৰদেশৰ চংকিঙত অনুষ্ঠিত হোৱা বিগত বছৰৰ অনুশীলনৰে ধাৰাবাহিকতা।
নেপাল সেনাৰ তথ্য অনুসৰি ২০১৭ চনত কাঠমাণ্ডুত দুয়োখন দেশৰ মাজত এই ধাৰাবাহিক সামৰিক অনুশীলন আৰম্ভ হৈছিল, তাৰ পিছত চীন আৰু নেপালত পাল পাতি এই অনুশীলন চলোৱা হৈছে। কিন্তু ২০২৩ চনত কৰোনা মহামাৰীৰ বাবে এই অনুশীলন অনুষ্ঠিত কৰা হোৱা নাছিল। ‘সাগৰমথা মৈত্ৰী’ সামৰিক অনুশীলন কোনো বিশেষ দেশৰ বিৰুদ্ধে নহয়, নিয়মীয়া সামৰ্থ্য বিকাশ আৰু অভিজ্ঞতা বিনিময়ৰ অনুশীলন।
নেপাল আৰু চীনৰ মাজত বৃদ্ধি পোৱা সামৰিক অনুশীলনে ভাৰত, আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহৰ দৃষ্টি আকৰ্ষণ কৰিছে, যিবোৰ চীনৰ বহল বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই)ৰ প্ৰেক্ষাপটত দেখা গৈছে। নেপালেও ‘সূৰ্য কিৰণ’ ধাৰাবাহিকৰ অধীনত আমেৰিকা, জাপান আৰু ভাৰতৰ সৈতে একেধৰণৰ সামৰিক সহযোগিতা বজাই ৰাখিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
