গোপেশ্বৰ (উত্তৰাখণ্ড), ১৮ ছেপ্টেম্বৰ (হি.স.)। উত্তৰাখণ্ডৰ আলাকনন্দ নদীৰ কাষৰ বদ্ৰীনাথ পথত অৱস্থিত চামোলী জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে। ধ্বংসাৱশেষে হেঁচা মাৰি ধৰে ছটা ঘৰ। উদ্ধাৰ কৰা হৈছে দুজন লোকক। সন্ধানহীন হৈছে ৭ জন লোক। নিৰুদ্দেশ হোৱা ব্যক্তিকেইজনৰ সন্ধানত অভিযান অব্যাহত আছে। চামোলী জিলা দণ্ডাধীশ সন্দীপ তিৱাৰীয়ে এই কথা নিশ্চিত কৰিছে। তেওঁ উল্লেখ কৰে যে নিৰুদ্দেশ হোৱা লোকক বিচাৰিবলৈ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে।
জিলা দণ্ডাধীশ সন্দীপ তিৱাৰীয়ে জনোৱা মতে, বুধবাৰে নিশা জিলাখনৰ নন্দনগৰ ঘাট অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত যথেষ্ট ক্ষতিসাধন হয়। নন্দনগৰৰ এটা ৱাৰ্ড কুন্ত্ৰী লগা ফালিত ছটা ঘৰ ক্ষতিগ্ৰস্ত হয়। ৭ জন লোক নিৰুদ্দেশ হোৱাৰ বিপৰীতে দুজনক উদ্ধাৰ কৰা হৈছে। তিৱাৰীয়ে উল্লেখ কৰে যে সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে। গাঁওবাসীয়ে কয় যে বৰষুণৰ অন্ত পৰাৰ লগে লগে এই ধ্বংসলীলা সংঘটিত হৈছিল। নন্দনগৰৰ ফালি কুন্ত্ৰী, শান্তি কুন্ত্ৰী, ভৈনস্বড়া, ধূৰ্মাৰ ওপৰত থকা পাহাৰত ডাৱৰ বিস্ফোৰণে অঞ্চলটোত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
বিষয়াসকলে জনোৱা মতে, এছডিআৰএফৰ দলটো নন্দপ্ৰয়াগত উপস্থিত হৈছে। মুখ্য চিকিৎসা বিষয়াগৰাকীয়ে জনোৱা মতে, এটা চিকিৎসা দল আৰু তিনিখন ১০৮খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছে। গাঁওবাসীৰ মতে ইতিমধ্যে ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। মোক্ষ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। বৰষুণৰ সময়ত ৫টা ঘৰ ভাঙি পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
