গোলাঘাট, ১৮ ছেপ্টেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ খুমটাইৰ ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে ৰাইজে ক্ষোভ ব্য়ক্ত কৰিছে। ৰাজহ চক্ৰ বিষয়া চম্পক ডেকাৰ বিৰুদ্ধে স্বজন-তোষণৰ অভিযোগ ৰাইজ আৰু দল-সংগঠনে। ভূমি সম্পৰ্কীয় কাম-কাজকে ধৰি চৰকাৰী সকলো কামত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে ।
অভিযোগ অনুসৰি ৰাইজৰ কথাক গুৰুত্ব নিদিয়ে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে । ৰঙামাটি সমবায় সমিতিৰ সাধাৰণ সভাত ৰাজহ চক্ৰ বিষয়া গৰাকীৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰে ৰাইজ আৰু দল-সংগঠনে। ভূমিৰ নামজাৰিক লৈ দীৰ্ঘদিনে মইমতালিৰে কাম কৰি আহিছে ৰাজহ চক্ৰ বিষয়া চম্পক ডেকাই। কাৰ্যালয়লৈ গ’লে চাহ-মিঠাই খুৱাই আভুৱা ভাৰে জনতাক । আছুকে ধৰি দল-সংগঠন আৰু ৰাইজে ৰাজহ চক্ৰ বিষয়া গৰাকী আৰু লাট মণ্ডলক তদন্তৰ আওতালৈ অনাৰ দাবী কৰিছে । অন্যথা আগন্তক দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে ক্ষুদ্ধ লোকসকলে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
