শিমলা, ১৬ ছেপ্টেম্বৰ (হি.স.)। সোমবাৰে গভীৰ নিশা হিমাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণে পুনৰবাৰ কঁপাই তুলিলে ৰাজ্য। মাণ্ডী জিলাৰ নিহাৰী আৰু ধৰমপুৰ অঞ্চলত সৰ্বাধিক ক্ষতিসাধন হৈছে। নিহাৰীত ভূমিস্খলনৰ ফলত তিনিজন লোকৰ মৃত্যু। ধৰমপুৰত এতিয়াও দুজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ৰাজধানী শিমলাত ভূমিস্খলন আৰু গছ সৰি পৰাৰ ফলতো বহু যান-বাহনৰ ক্ষতিসাধন হৈছে।
মণ্ডি জিলাৰ ধৰমপুৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত হঠাতে উফন্দি উঠে ছন খাদ আৰু ওচৰৰ নলা। অলপ সময়ৰ ভিতৰতে জলপৃষ্ঠ ইমানেই বাঢ়ি গ’ল যে খাদটোৱে তীব্ৰ ৰূপ ল’লে। ধৰমপুৰ বাছ ষ্টেণ্ড সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ ফলত তাত ৰখাই থোৱা বহু বাছ আৰু বাহন উটুৱাই লৈ গৈ খাদত পৰি যায়। এই সময়ত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে বহু লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে ঘৰৰ চাদত উঠিবলৈ বাধ্য হয়। অৱশ্যে আজি পুৱা খাদটোৰ জলপৃষ্ঠ হ্ৰাস পাইছে।
ডি এছ পি ধৰমপুৰ সঞ্জীৱ সুদে কয় যে বাছ ষ্টেণ্ডত ৰখাই থোৱা বহু বাছ পানীৰ সোঁতৰ কবলত পৰিছে আৰু দুজন লোক নিৰুদ্দেশ হৈছে। তেওঁলোকক বিচাৰি উলিয়াবলৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱা হৈছে। গভীৰ নিশা আৰক্ষী আৰু প্ৰশাসনে সাহায্য কাম কৰি বহু লোকক নিৰাপদে উদ্ধাৰ কৰে। প্ৰশাসনে কঠোৰভাৱে সকীয়াই দিছে নদী-খাদৰ পাৰৰ ওচৰলৈ যাবলৈ।
ইফালে, ধাৰাসাৰ বৰষুণৰ ফলত মাণ্ডী জিলাৰ নিহাৰী তহচিলৰ বয় পঞ্চায়তৰ ব্ৰাগটা গাঁৱত গভীৰ নিশা এটা পাহাৰ ফাটি যায়। পাহাৰৰ পৰা ওলোৱা ধ্বংসাৱশেষ এটা ঘৰৰ ওপৰত পৰি গোটেই ঘৰটো ধ্বংসাৱশেষৰ তলত পুতি থোৱা হয়। এই দুৰ্ঘটনাত দুগৰাকী মহিলা আৰু এটি শিশুৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰটোত ৫জন লোক উপস্থিত আছিল, ইয়াৰে দুজনক সময়মতে গাঁওবাসীয়ে নিৰাপদে উদ্ধাৰ কৰে।
স্থানীয় ৰাইজে লগে লগে সাহায্য কাম আৰম্ভ কৰি প্ৰশাসনক অৱগত কৰে যদিও পথ অৱৰোধৰ বাবে উদ্ধাৰ কামত অসুবিধাৰ সন্মুখীন হয়। পিছত সাহায্য দলটোৱে অতি কষ্টেৰে তিনিটা মৃতদেহ উলিয়াই আনে।
ৰাজধানী শিমলাতো গভীৰ নিশা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ভূমিস্খলন আৰু গছ-গছনি ভাঙি পৰাৰ কাণ্ড সংঘটিত হয়। বিচিএছ এলেকাত তিনিৰ পৰা চাৰিখন বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে পথটো বন্ধ হৈ পৰে। হিমলেণ্ড অঞ্চলত হোৱা বৃহৎ ভূমিস্খলনৰ বাবে দুখন তিনিখন বাহন ধ্বংসাৱশেষৰ তলত পুতি থোৱা হয়। অৱশ্যে এই ঘটনাবোৰত কোনো লোকৰ প্ৰাণহানি হোৱা নাছিল বুলি সকাহ পোৱাৰ কথা।
বতৰ বিজ্ঞান আৰু বিজ্ঞান বিভাগে মঙলবাৰে ছয়খন জিলা বিলাসপুৰ, কংগ্ৰা, মাণ্ডী, শিমলা, সোলান আৰু ছিৰমৌৰত ধুমুহা আৰু বজ্ৰপাতৰ সৈতে বৰষুণৰ হালধীয়া সতৰ্কবাণী জাৰি কৰিছে। আন জিলাতো লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। বিভাগটোৰ তথ্য অনুসৰি অহা ১৭ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈ ৰাজ্যৰ বেছিভাগ ঠাইতে লঘুৰ পৰা মধ্যমীয়া বৰষুণ হ’ব। উচ্চ উচ্চতাৰ অঞ্চলত ২০ ছেপ্টেম্বৰৰ পৰা বতৰ পৰিষ্কাৰ হ’ব আৰু ২১ ছেপ্টেম্বৰৰ পৰা বেছিভাগ অঞ্চলতে বতৰ পৰিষ্কাৰ হ’ব।
মন কৰিবলগীয়া যে এইবাৰ বাৰিষা আৰম্ভণিৰে পৰাই হিমাচল প্ৰদেশৰ বাবে অতি ক্ষতিকাৰক হৈ আহিছে। এতিয়া যেতিয়া ই শেষ পৰ্যায়ত আছে, তেতিয়াও ই বিধ্বংসী ৰূপ ধাৰণ কৰি আছে। বিভাগটোৱে জনোৱা মতে, ছেপ্টেম্বৰৰ শেষৰ ফালে বাৰিষা সম্পূৰ্ণৰূপে ৰাজ্য এৰি যাব, কিন্তু তেতিয়ালৈকে মানুহ সজাগ হৈ থকাটো অতি প্ৰয়োজনীয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
