ঢাকা (বাংলাদেশ), ১৮ ছেপ্টেম্বৰ (হি.স.)। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনত ভোটদানৰ পৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ পৰিয়ালৰ ৯ জন সদস্যক ভোটদানৰ পৰা বঞ্চিত কৰা হ’ব। বাংলাদেশৰ নিৰ্বাচন আয়োগে তেওঁলোকৰ ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ (এন আই ডি) ব্লক কৰিছে।
তুৰ্কীৰ ৰাজহুৱা সম্প্ৰচাৰক টি আৰ টি ৱৰ্ল্ডৰ এক প্ৰতিবেদন অনুসৰি বুধবাৰে আয়োগৰ এজন বিষয়াই এই ঘোষণা কৰে। তেওঁ কয় যে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী সংসদীয় নিৰ্বাচনত ভোটদান দেশৰ ভিতৰত আৰু বাহিৰত হ’ব। প্ৰথমবাৰৰ বাবে বহিঃৰাজ্যত বাস কৰা লোকসকলে অনলাইন পঞ্জীয়ন কৰি ডাকযোগে ভোটদান কৰিব।
আয়োগৰ জ্যেষ্ঠ সম্পাদক আখতাৰ আহমেদে স্পষ্ট কৰি দিয়ে যে যদি বহিঃৰাজ্যত বসবাস কৰা বাংলাদেশীৰ এন আই ডি বন্ধ কৰা হৈছে তেন্তে তেওঁলোকে ভোট দিব নোৱাৰিব। এপ্ৰিল মাহত অন্তৱৰ্তীকালীন চৰকাৰৰ নিৰ্দেশৰ পিছত আয়োগে হাছিনা আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ এন আই ডি বন্ধ কৰি দিছিল।
আহমেদে কয় যে বিদশৰ পৰা ভোটদান কৰিবলৈ এন আই ডি নম্বৰ ব্যৱহাৰ কৰি অনলাইন পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ বাবে পাছপ’ৰ্ট যথেষ্ট নহয়; এটা এন আই ডি বাধ্যতামূলক হ’ব। এন আই ডিত পঞ্জীয়ন কৰাসকলেহে ভোটদানৰ যোগ্যতা অৰ্জন কৰিব।
তেওঁ উল্লেখ কৰে যে হাছিনা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে পৰৱৰ্তী নিৰ্বাচনত ভোটদান কৰিব নোৱাৰিব। উল্লেখযোগ্য যে ২০২৪ চনৰ ৫ আগষ্টত জনবিদ্ৰোহত চৰকাৰক উৎখাত কৰাৰ পিছৰে পৰা হাছিনা ভাৰতত নিৰ্বাসিত হৈ আছে। তেওঁৰ পৰিয়ালৰ সদস্যসকল আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি আন দেশতো বাস কৰে। ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি এই বিদ্ৰোহত ১৪০০ লোক নিহত হয়। উল্লেখ্য যে বাংলাদেশত গণহত্যাৰ অভিযোগকে ধৰি কেইবাটাও গোচৰৰ সন্মুখীন হৈছে ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
