১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰ ভাৰতীয় ক্ৰীড়াৰ বাবে এক ঐতিহাসিক দিন আছিল। আজিৰ দিনটোতে ভাৰতীয় সাঁতোৰবিদ আৰতি সাহাই ইংলিছ চেনেল সাঁতুৰি পাৰ হৈ সাঁতোৰৰ কৃতিত্ব সাধন কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী এছিয়ান মহিলা হিচাপে পৰিগণিত হয়।
কলকাতাত জন্মগ্ৰহণ কৰা আৰতি সাহাৰ সৰুৰে পৰা সাঁতোৰৰ প্ৰতি তীব্ৰ আগ্ৰহ আছিল। কেইবাখনো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰাৰ লগতে ১৯ বছৰ বয়সত ইংলিছ চেনেল জয় কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে। ৰুক্ষ সোঁত, শীতল সমুদ্ৰ আৰু প্ৰচণ্ড বতাহৰ সৈতে যুঁজ দি তেওঁ প্ৰায় ৪২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে।
আৰতি সাহাৰ এই সাফল্যই কেৱল ভাৰতৰ বাবেই নহয় সমগ্ৰ এছিয়ালৈও গৌৰৱ কঢ়িয়াই আনিছিল। এই অসাধাৰণ সাফল্যৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰীৰে সন্মানিত কৰে।
মূখ্য পৰিঘটনা :
১৬৫০ – ইংলেণ্ডত প্ৰথম বিবাহ ব্যুৰো স্থাপন কৰা হয়।
১৭৮৯ – আমেৰিকাৰ যুদ্ধ বিভাগে স্থায়ী সেনাবাহিনী স্থাপন কৰে।
১৮৩৬ – মাদ্ৰাজ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা হয়।
১৯১১ – ইটালীয়ে অট্টোমান সাম্ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯১৫ – প্ৰথম আন্তঃমহাদেশীয় টেলিফোন বাৰ্তা প্ৰেৰণ কৰা হয়।
১৯২৭ – আমেৰিকা আৰু মেক্সিকোৰ মাজত টেলিফোন সেৱা আৰম্ভ হয়।
১৯৫৯ – আৰাতি সাহাই সাঁতুৰি ইংলিছ চেনেল পাৰ হৈ যায়।
১৯৬২ – কলকাতাত বিৰলা প্লেনেটেৰিয়াম মুকলি কৰা হয়।
১৯৭১ – বংগ উপসাগৰত ঘূৰ্ণীবতাহৰ ধুমুহাত প্ৰায় ১০ হাজাৰ লোকৰ মৃত্যু হয়।
১৯৭৭ – ছোভিয়েট ইউনিয়নে মহাকাশ কেন্দ্ৰ ছাল্যুট ৬ পৃথিৱীৰ কক্ষপথত স্থাপন কৰে।
১৯৭০ – ইজিপ্তৰ ৰাষ্ট্ৰপতি গামাল আব্দেল নাছেৰৰ মৃত্যু হয়।
২০০০ – চীনৰ মুনচোনাক কয়লা খনিত ১০০ জন লোকৰ মৃত্যু হয়।
২০০১ – ৰাষ্ট্ৰসংঘই আমেৰিকাৰ সন্ত্ৰাসবাদ বিৰোধী প্ৰস্তাৱ গৃহীত কৰে।
২০০২ – বুছানত ১৪ সংখ্যক এছিয়ান গেমছ আৰম্ভ হয়।
২০০৩ – ইৰাণে ইউৰেনিয়াম সমৃদ্ধি কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত লয়।
২০০৬ – বিশ্বৰ প্ৰথমগৰাকী মহিলা মহাকাশ পৰ্যটক ইৰাণী-আমেৰিকান অনুষেহ আনছাৰী নিৰাপদে পৃথিৱীলৈ উভতি আহে।
২০০৯ – আন্তঃৰাষ্ট্ৰীয় বক্সিং ফেডাৰেচনৰ শেহতীয়া ৰেংকিঙত বিজেন্দৰে ৭৫ কেজি শাখাত ২৭০০ পইণ্টেৰে প্ৰথম স্থান লাভ কৰে।
জন্ম:
১৯৪৭ – এছ এইচ কাপাদিয়া – ভাৰতৰ ৩৮ সংখ্যক মুখ্য ন্যায়াধীশ আছিল।
১৯৪৪ – আজিৰ দিনটোতে মীনা কাকোডকাৰ – এগৰাকী সুপৰিচিত কংকনী সাহিত্যিক।
১৯৪৩ – মহম্মদ খাটামী – ইৰাণৰ পঞ্চম ৰাষ্ট্ৰপতি আছিল।
১৯৩২ – মাহমুদ – এজন বিখ্যাত কমেডিয়ান আছিল।
১৯৩০ – সত্যব্ৰত শাস্ত্ৰী – এজন সংস্কৃত পণ্ডিত আৰু এজন গুৰুত্বপূৰ্ণ বৌদ্ধিক সাহিত্যিক।
১৯২৮ – ব্রিজেশ মিশ্ৰ – ভাৰতৰ প্রথম ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা৷
১৭২৫ – ৰবাৰ্ট ক্লাইভ – ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিযুক্তি দিয়া প্ৰথম গৱৰ্ণৰ।
মৃত্যু:
২০২০ – কে.চি. শিৱশংকৰ – এজন প্ৰখ্যাত ভাৰতীয় চিত্ৰশিল্পী আৰু কাৰ্টুনকাৰ।
২০১৭ – টম অলটাৰ – বিদেশী পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰা আৰু ভাৰতীয় চিনেমাৰ এজন অভিনেতা।
২০০৪ – বালামণি আম্মা – এজন প্ৰখ্যাত মালয়ালম কবি।
১৯৪৪ – গোপাল সেন – পশ্চিম বংগৰ এজন প্ৰখ্যাত বিপ্লৱী।
১৯৪২ – মাটাংগিনী হাজাৰা – এগৰাকী প্ৰখ্যাত মহিলা বিপ্লৱী।
গুৰুত্বপূৰ্ণ দিন:
ৰঙালাও দিৱস
বিশ্ব হৃদযন্ত্ৰ দিৱস
हिन्दुस्थान समाचार / অৰৱিন্দ
