
নতুন দিল্লী, ০৪ ডিছেম্বৰ (হি.স)। আজি (সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। এই অধিবেশন ২২ ডিচেম্বৰলৈ চলি থাকিব। মুঠ ১৯ দিনত ১৫খন বৈঠক অনুষ্ঠিত হ’ব। এই অধিবেশনত মুঠ ২১খন বিধেয়ক উত্থাপন কৰা হ’ব।
অধিৱেশনৰ কাম-কাজ সুচাৰুৰূপে চলাবলৈ চৰকাৰে সকলো ৰাজনৈতিক দলৰ সৈতে সহযোগিতাৰ বাবে সৰ্বদলীয় বৈঠকত মিলিত হৈছে। আজি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মইত্ৰাৰ বিৰুদ্ধে ধন লোৱাৰ পিছত প্ৰশ্ন কৰা বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত লোকসভাত নৈতিকতা সমিতিৰ প্ৰতিবেদন দাখিল কৰা হ’ব। এয়া হ’ব ১৭ সংখ্যক লোকসভাৰ অন্তিম পূৰ্ণাংগ অধিবেশন।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
