body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:14pt;}.cf1{font-family:Consolas;font-size:14pt;}.pf0{}
নতুন দিল্লী, ১২ জুলাই (হি.স.)। কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ কে চি ভেনুগোপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি মধ্যপ্ৰাচ্য এছিয়াৰ দেশ য়েমেনত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা ভাৰতীয় নাৰ্ছ নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ড বন্ধ কৰাৰ বাবে তাৎক্ষণিক হস্তক্ষেপৰ দাবী জনাইছে।
তেওঁ কয় যে নিমিছাক মুকলি কৰি দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে। একচন কাউন্সিল আৰু তেওঁৰ পৰিয়ালে ‘দিয়াহ’ অৰ্থাৎ তেজৰ ধন দি ভুক্তভোগীৰ পৰিয়ালক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে, যাতে মৃত্যুদণ্ডৰ পৰা হাত সাৰিব পৰা যায়, কিন্তু য়েমেনত চলি থকা গৃহযুদ্ধ আৰু আভ্যন্তৰীণ অস্থিৰতাৰ বাবে এই প্ৰক্ৰিয়াটোৱে গুৰুতৰ বাধাৰ সন্মুখীন হৈছে।
ভেনুগোপালে পত্ৰখনত লিখিছে, “পৰিস্থিতিৰ জটিলতাক লক্ষ্য কৰি মই আপোনালোকক অনুৰোধ কৰিছো যে এই বিষয়টোত সৰ্বোচ্চ অগ্ৰাধিকাৰ দি হস্তক্ষেপ কৰক আৰু মৃত্যুদণ্ড বাতিল কৰাটো নিশ্চিত কৰিবলৈ য়েমেন কৰ্তৃপক্ষৰ সৈতে সকলো সম্ভাৱ্য কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো।” ৩৭ বছৰীয়া নিমিছা প্ৰিয়াই ২০০৮ চনত য়েমেনলৈ গৈছিল। তাত কেইবাখনো চিকিৎসালয়ত কাম কৰাৰ পিছত তেওঁ এখন ক্লিনিক খুলিছিল য’ত তেওঁ য়েমেনৰ নাগৰিক তালাল মেহদীক নিজৰ সংগী হিচাপে গঢ়ি তুলিছিল। মেহদীয়ে তাইৰ পাছপ’ৰ্ট জব্দ কৰি অনবৰতে হাৰাশাস্তি কৰিবলৈ ধৰিলে। ২০১৭ চনত পাছপ’ৰ্ট ঘূৰাই পোৱাৰ প্ৰয়াসত নিমিষাই তেওঁক ড্ৰাগছৰ বেজী দিছিল, যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে য়েমেন এৰি যোৱাৰ সময়ত বিমানবন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
