নতুন দিল্লী, ৩১ ডিছেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ‘মন কি বাত’ কাৰ্যসূচীৰ অধীনত দেশবাসীক সম্বোধন কৰিব। আজি ‘মন কি বাত’ অনুষ্ঠানৰ ১০৮ সংখ্যক খণ্ড সম্প্ৰচাৰ কৰা হ’ব। প্ৰধানমন্ত্ৰী মোডীৰ এই ৰেডিঅ’ অনুষ্ঠানটো দেশৰ লগতে বিশ্বত অতি জনপ্ৰিয়।
পুৱা ১১ বজাৰ পৰা অল ইণ্ডিয়া ৰেডিঅ’, দূৰদৰ্শন আৰু নৰেন্দ্ৰ মোডী মোবাইল এপৰ লগতে অন্যান্য যোগাযোগ মাধ্যমতো শুনা যায়। প্ৰধানমন্ত্ৰীয়ে আজি ‘মন কি বাত’ত ‘ফিট ইণ্ডিয়া’ৰ বিষয়েও আলোচনা কৰিব পাৰে। ২২টা ভাৰতীয় ভাষা আৰু ২৯টা উপভাষাৰ উপৰিও ‘মন কি বাত’ অনুষ্ঠানটো ফৰাচী, চীনা, ইণ্ডোনেছিয়ান, তিব্বতী, বাৰ্মিজ, বালুচি, আৰবী, পাষ্টো, পাৰ্চীকে ধৰি ১১টা বিদেশী ভাষাত সম্প্ৰচাৰিত হয়। ইয়াক অল ইণ্ডিয়া ৰেডিঅ’ৰ ৫০০ৰো অধিক ষ্টেচনৰ পৰা সম্প্ৰচাৰ কৰা হয়।
চলিত বৰ্ষৰ ৩০ এপ্ৰিলত ‘মন কি বাত’ অনুষ্ঠানৰ ১০০ সংখ্যক খণ্ড সম্পূৰ্ণ হয়। এই ঐতিহাসিক মুহূৰ্তৰ স্মৃতিত সমগ্ৰ দেশতে লাইভ প্ৰদৰ্শন কৰা হয়। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো পোনপটীয়াকৈ প্ৰচাৰিত হৈছিল ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ড। ইয়াক দিল্লীত ৬৫৩০ স্থানত লাইভ শুনা গৈছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
