– হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত
ইটানগৰ, ২০ জুলাই (হি.স.)। জুন মাহৰ পৰা অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। ভূমিস্খলন আৰু ক্ষন্তেকীয়া বানপানীয়ে ৰাজ্যৰ বহু ঠাইত ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে। লোয়াৰ ছিয়াং জিলাৰ পথ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ছিজি, য়েটে আৰু গাৰু গাঁৱৰ সমীপৰ বহু ঠাইত ভূমিস্খলনৰ বাতৰি পোৱা গৈছে। পশ্চিম ছিয়াং, লেপ্ৰাডা, শ্বি-য়োমি আৰু উচ্চ সোৱনশিৰিৰ দৰে জিলাৰ জীৱনৰেখা বুলি গণ্য কৰা আলো-লিকাবালি পথটো এতিয়াও অৱৰোধ হৈ আছে।
প্ৰায় ২০ দিন ধৰি চীনৰ সীমান্তৱৰ্তী আঞ্জাৱ জিলাৰ পথ সংযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল, যিটো শেহতীয়াকৈ প্ৰশাসনে পুনৰ বাহাল কৰিছে। কেয়ী পানয়ৰ জিলাত প্ৰচণ্ড শিল পৰাৰ ফলত ঘাইপথত এদিন ধৰি যাতায়ত বন্ধ হৈ থাকে। তলৰ সুবনশিৰিৰ জিলা সদৰ শূন্য পানীত ডুব যোৱাৰ ফলত ধাননি পথাৰ আৰু সা-সম্পত্তিৰ ক্ষতিসাধন হয়।
ভূমিস্খলনৰ আশংকাৰ বাবে নিশা যাতায়তৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে প্ৰশাসনে। চৰকাৰী খবৰ অনুসৰি এই পৰ্যন্ত কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ২৬ খন জিলাত ৩৬ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। পূৱ কামেং আৰু উচ্চ সুবনশিৰি জিলাৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে জাৰি কৰিছে হাই এলাৰ্ট।
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মৃতকৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে চৰকাৰী বিধান অনুসৰি ৪ লাখ টকাকৈ এক্স গ্ৰেটিয়া ঘোষণা কৰে। তেওঁ বিষয়াসকলক সজাগ হৈ থাকিবলৈ আৰু যুদ্ধৰ ভিত্তিত সাহায্যৰ কাম অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে।
ৰাজধানী ইটানগৰত পৌৰ নিগমৰ মেয়ৰ তাম্মে ফাছাঙে নদী আৰু স্পৰ্শকাতৰ অঞ্চলৰ কাষত বসবাস কৰা নাগৰিকসকলক বিশেষভাৱে সজাগ হ’বলৈ আহ্বান জনাইছে। তেওঁ কয় যে ইটানগৰ, নাহৰলাগুন, নিৰ্জুলি, বান্দৰদেৱকে ধৰি ২০টা ৱাৰ্ডৰ কাউন্সিলাৰৰ সহযোগত নিগমে বাৰিষাৰ মোকাবিলা কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
