ডেৰাডুন, ২০ জুলাই (হি.স.)। কৈলাশ মনসাৰোৱৰ যাত্ৰাৰ দ্বিতীয় বেটচৰ অংশ হিচাপে থকা প্ৰাক্তন কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা মীনাক্ষী লেখী তিব্বতৰ দাৰ্চিনত ঘোঁৰাৰ পৰা পৰি আহত হয়। তেওঁ কঁকালত আঘাত পাইছে । তেওঁক ভাৰতলৈ ঘূৰাই অনা হৈছে।
কৰ’নাৰ সময়ৰ পৰা বন্ধ হৈ থকা কৈলাশ মানসৰোৱৰ যাত্ৰা ৫ বছৰৰ পাছত পুনৰ আৰম্ভ হৈছে। প্ৰথমটো তীৰ্থযাত্ৰী নিৰাপদে উভতি আহিছে। দ্বিতীয় বেটচ দৰ্শনৰ বাবে গৈ আছে। ৪৮ গৰাকী তীৰ্থযাত্ৰীৰ দ্বিতীয় বেটচৰ অংশ হিচাপে থকা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীয়ে শনিবাৰে ঘোঁৰাত যাত্ৰা কৰিছিল। তিব্বতৰ দাৰ্চিনৰ সমীপত ঘোঁৰাৰ পৰা বাগৰি পৰাৰ ফলত তেওঁ কঁকালত আঘাতপ্ৰাপ্ত হয়। যাত্ৰা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল তেওঁক। ইয়াৰ মাজতে এক্স-ৰেত তেওঁৰ মেৰুদণ্ডৰ আঘাত নিশ্চিত হৈছে।
জিলা দণ্ডাধীশ বিনোদ গোস্বামীয়ে কয় যে তেওঁক নাভিডাঙলৈ অনা হৈছে। ইয়াৰ পিছত তেওঁক চিকিৎসাৰ বাবে হেলিকপ্টাৰেৰে ডেৰাডুনলৈ প্ৰেৰণ কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
