• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > (ক’প-২৮) ভাৰতে পৰিৱেশ আৰু অৰ্থনীতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছেঃ প্ৰধানমন্ত্ৰী
National

(ক’প-২৮) ভাৰতে পৰিৱেশ আৰু অৰ্থনীতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছেঃ প্ৰধানমন্ত্ৰী

CliQ INDIA
Last updated: December 2, 2023 3:30 am
CliQ INDIA
Share
3 Min Read
SHARE

– গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভৰ পদক্ষেপৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

– ২০২৮ চনত ভাৰতত ক’প-৩৩ আয়োজন কৰাৰ প্ৰস্তাৱ

নতুন দিল্লী, ০১ ডিছেম্বৰ (হি.স.)। শুকুৰবাৰে ডুবাইত অনুষ্ঠিত ক’প-২৮ বিশ্ব জলবায়ু কাৰ্যকৰী শীৰ্ষ সন্মিলন (ৱৰ্ল্ড ক্লাইমেট একচন ছামিট)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে পৰিৱেশ আৰু অৰ্থনীতিৰ মাজত ভাৰসাম্যৰ নিদৰ্শন দাঙি ধৰিছে। বিশ্বৰ জনসংখ্যাৰ ১৭ শতাংশ ভাৰতৰ। ইয়াৰ পিছতো বিশ্বৰ কাৰ্বন নিৰ্গমনত ভাৰতৰ অৱদান ৪ শতাংশতকৈও কম।

প্ৰধানমন্ত্ৰীয়ে কয় যে এনডিচিৰ লক্ষ্য পূৰণৰ পথত থকা বিশ্বৰ কেইখনমান অৰ্থনীতিৰ ভিতৰত ভাৰত অন্যতম। মোদীয়ে বিশ্বব্যাপী মঞ্চৰ পৰা ‘গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভ’ নামৰ গ্ৰহ সমৰ্থক, সক্ৰিয় আৰু ইতিবাচক পদক্ষেপৰ আহ্বান জনায়। ইয়াৰ লগতে তেওঁ ২০২৮ চনত ভাৰতত ক’প-৩৩ আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে ১৪০ কোটি ভাৰতীয়ৰ হৈ শুভেচ্ছা জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ জলবায়ু ন্যায়, জলবায়ু বিত্ত আৰু সেউজ ঋণৰ দৰে বিষয়সমূহৰ প্ৰতি অবিৰত সমৰ্থনৰ বাবে চি অ’ পিৰ নেতাসকলক কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয়, “আমাৰ সকলোৰে প্ৰচেষ্টাই বিশ্ব কল্যাণৰ বাবে সকলোৰে স্বাৰ্থৰ সুৰক্ষা আৰু সকলোৰে অংশগ্ৰহণ প্ৰয়োজনীয় বুলি বিশ্বাস বৃদ্ধি কৰিছে।”

প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিৱেশ আৰু অৰ্থনীতিৰ মাজত এক নিখুঁত ভাৰসাম্য ৰক্ষা কৰি ভাৰতে বিশ্বৰ আগত উন্নয়নৰ আৰ্হি দাঙি ধৰিছে। ভাৰতত বিশ্বৰ ১৭ শতাংশ জনসংখ্যা থকাৰ পাছতো বিশ্বৰ কাৰ্বন নিৰ্গমনত আমাৰ অংশ ৪ শতাংশতকৈও কম। এনডিচিৰ লক্ষ্য পূৰণৰ পথত আগবাঢ়িছে বিশ্বৰ কেইখনমান অৰ্থনীতিৰ ভিতৰত ভাৰত অন্যতম। ইতিমধ্যে আমি ১১ বছৰ পূৰ্বে নিৰ্গমনৰ তীব্ৰতাৰ লক্ষ্যত উপনীত হ’লোঁ। অজীৱাশ্ম ইন্ধনৰ লক্ষ্যও নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা হৈছে।

মোদীয়ে কয় যে ভাৰতে ২০৩০ চনৰ ভিতৰত নিজৰ জিডিপিৰ নিৰ্গমনৰ তীব্ৰতা ৪৫ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য লৈছে। আমি অজীৱাশ্ম ইন্ধনৰ অংশ ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছো। ভাৰতে ২০৭০ চনৰ ভিতৰত ‘নিকা শূন্য নিৰ্গমন’ৰ দিশত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে। জি-২০ৰ সভাপতিত্বৰ সময়ছোৱাত ভাৰতে বহনক্ষম উন্নয়নৰ ওপৰত ব্যাপক গুৰুত্ব আৰোপ কৰিছিল। বিকল্প ইন্ধনৰ বাবে ভাৰতে হাইড্ৰজেনক ইন্ধন হিচাপে ব্যৱহাৰৰ প্ৰচাৰ কৰি গোলকীয় জৈৱ ইন্ধন মৰ্চা (গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স) আৰম্ভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, ‘গ্লাছগোত মই আপোনালোক সকলোৰে সন্মুখত মিছন লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী)ৰ দৃষ্টিভংগী দাঙি ধৰিছিলোঁ। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ এক অধ্যয়নত কোৱা হৈছে যে লাইফ মিছনৰ জৰিয়তে আমি ২০৩০ চনৰ ভিতৰত প্ৰতি বছৰে ২ বিলিয়ন টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব পাৰো। আজি এই মঞ্চৰ পৰা মই আন এটা গ্ৰহ সমৰ্থক, সক্ৰিয় আৰু ইতিবাচক পদক্ষেপ ‘গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভ’ৰ আহ্বান জনাইছো। কাৰ্বন ক্ৰেডিটৰ বাণিজ্যিক মানসিকতাৰ বাহিৰলৈ গৈ জনসাধাৰণৰ অংশগ্ৰহণেৰে কাৰ্বন ছিঙ্ক সৃষ্টিৰ বাবে এই অভিযান।

প্ৰধানমন্ত্ৰীয়ে কয় যে জলবায়ু পৰিৱৰ্তন প্ৰক্ৰিয়াৰ বাবে ভাৰত এক যৌথ কাঠামোৰ প্ৰতি দায়বদ্ধ। গতিকে আজি এই মঞ্চৰ পৰা ২০২৮ চনত ভাৰতত ক’প-৩৩ সন্মিলন আয়োজন কৰাৰ প্ৰস্তাৱো আগবঢ়াইছো। মোদীয়ে কয় যে বিগত শতিকাবোৰৰ ভুলবোৰ শুধৰাবলৈ আমাৰ হাতত বিশেষ সময় বাকী নাই। প্ৰাকৃতিক সম্পদৰ নিৰ্বিচাৰ ব্যৱহাৰ আৰু শোষণৰ পৰিণতি সকলোৱে ভোগ কৰিবলগীয়া হৈছে, বিশেষকৈ গ্ল’বেল চাউথৰ বাসিন্দাসকলে।

হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ/অৰবিন্দ

You Might Also Like

তীব্ৰ জল সংকটত দলগাঁৱৰ দুলিয়াপাৰা গাঁৱবাসী ৰাইজ
ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অধিক গভীৰ হোৱাত দিল্লীত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব পুটিনে।
প্ৰধানমন্ত্ৰী মোদীৰ কৰ্ণাটকৰ হাছানত সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ, মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ ঘোষণা
চতুৰ্থ বাৰলৈ অৰবিন্দ কেজৰিৱাললৈ ইডিৰ চমন প্ৰেৰণ
বলিদান দিৱসত শ্যামা প্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নৱেম্বৰ মাহত মাৰুতি চুজুকিৰ বিক্ৰী ৩.৩৯ শতাংশ বৃদ্ধি পাই ১,৬৪,৪৩৯ খনলৈ বৃদ্ধি
Next Article বাক্সাৰ বৰমাত ২য় পৰ্যায়ৰ খেল মহাৰন আৰম্ভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?