নতুন দিল্লী, ১৭ ছেপ্টেম্বৰ (হি স)। আজিৰ পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰ দিয়া স্মৃতিচিহ্নৰ ই-নিলাম। ই-নিলামৰ সপ্তম সংস্কৰণত প্ৰধানমন্ত্ৰীয়ে লাভ কৰা ১৩০০ৰো অধিক উপহাৰ ক্ৰয় কৰিব পাৰিব। ২ অক্টোবৰলৈকে চলিব এই ই-নিলাম। জনতাই এই উপহাৰসমূহৰ বাবে ৱেবছাইট পিএমম’মেণ্টছত গৈ নিলাম কৰিব পাৰিব।
মঙলবাৰে নেশ্যনেল গেলেৰী অৱ মডাৰ্ণ আৰ্ট (এন জি এম এ)ত এক সংবাদমেলত এই কথা ঘোষণা কৰে সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে। তেওঁ উল্লেখ কৰে যে নিলাম হ’বলগীয়া সামগ্ৰীসমূহৰ ভিতৰত আছে চিত্ৰ, শিল্পকৰ্ম, ভাস্কৰ্য্য, দেৱ-দেৱীৰ মূৰ্তি, আৰু কিছুমান ক্ৰীড়াৰ সামগ্ৰী। ইয়াৰ পৰা পোৱা ধন নমামি গংগা প্ৰকল্পলৈ আগবঢ়োৱা হ’ব।
তেওঁ উল্লেখ কৰে যে ২০১৯ চনৰ জানুৱাৰী মাহত প্ৰথম ই-নিলাম অনুষ্ঠিত হৈছিল। তাৰ পিছৰ পৰাই প্ৰধানমন্ত্ৰীয়ে লাভ কৰা হাজাৰ হাজাৰ উপহাৰ নিলাম কৰা হৈছে, যাৰ ফলত নমামি গংগা প্ৰকল্পৰ বাবে ৫০ কোটি ₹ৰো অধিক ধন সংগ্ৰহ কৰা হৈছে। তেওঁ কয় যে মোডীয়ে এই উদাৰ কামত নিজৰ সকলো স্মৃতিচিহ্নসমূহ উচৰ্গা কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী।
हिन्दुस्थान समाचार / অৰৱিন্দ
