ছিউল (দক্ষিণ কোৰিয়া), ১৩ আগষ্ট (হি.স.)। ছিউলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ পত্নী কিম কিয়ন হীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ইয়াৰ পূৰ্বে ছিউলৰ কেন্দ্ৰীয় জিলা আদালতে মঙলবাৰে প্ৰাক্তন ফাৰ্ষ্ট লেডী কিম কিয়ন হীক তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগৰ সৈতে জড়িত প্ৰমাণৰ সৈতে হেতালি খেলাৰ সম্ভাৱনাক লৈ আটক কৰিবলৈ ৱাৰেণ্ট জাৰি কৰে।
দ্য কোৰিয়া হেৰাল্ড কাকতত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ২০২২ চনৰ উপ-নিৰ্বাচনত উৎকোচ আৰু প্ৰভাৱ পেলোৱাৰ গোচৰ, আমদানিকৃত গাড়ী ব্যৱসায়ী ডয়চ মটৰ্ছৰ ষ্টকৰ মূল্যত হেতালি খেলাত কিমৰ অভিযোগ উত্থাপন কৰা বিশেষ অভিযুক্তৰ দলৰ অনুৰোধত ছিউল আদালতে গ্ৰেপ্তাৰৰ পৰোৱানাত অনুমোদন জনায়।
মঙলবাৰে পুৱা আদালতত উপস্থিত হয় কিম। শুনানিত অংশ লৈছিল তেওঁ। খবৰ অনুসৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ নাকচ কৰিছিল। প্ৰায় চাৰি ঘণ্টাৰ অন্তত শুনানিৰ অন্ত পৰে। ইয়াৰ পিছত আদালতে অধিবক্তাৰ বিশেষ দল আৰু কিমৰ আইনী প্ৰতিনিধিৰ যুক্তি পুনৰীক্ষণ কৰি ৯ ঘণ্টাৰ পিছত কিমৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে।
বিশেষ অভিযুক্তগৰাকীয়ে তেওঁৰ যুক্তিৰ সমৰ্থনত আদালতত ৮৪৮ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে কিমক জিম্মাত লোৱা নহ’লে প্ৰমাণ ধ্বংস হোৱাৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। কিমৰ অধিবক্তাই দাবী কৰে যে কিমৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে তেওঁক জিম্মাত ৰখাটো অনুচিত হ’ব।
খবৰ অনুসৰি, দুপৰীয়া ২:৩৫ বজাত আদালতৰ শুনানি শেষ হোৱাৰ লগে লগে কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈয়ে প্ৰাক্তন প্ৰথম মহিলাগৰাকীয়ে ৱাক আউট কৰে। ওলাই অহাৰ লগে লগে তাইক জিম্মাত লোৱা হয়। আৰক্ষীয়ে তেওঁক পশ্চিম ছিউলৰ গুৰো-গুৰ ছিউল দক্ষিণ ডিটেনচন চেণ্টাৰলৈ লৈ যায়। আদালতৰ হৈ আটক হোৱা প্ৰথমগৰাকী প্ৰাক্তন প্ৰথম মহিলা হিচাপে পৰিগণিত হয় কিম।
দক্ষিণ কোৰিয়াৰ ডিটেনচন চেণ্টাৰত প্ৰথমবাৰৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক একেলগে ৰখা হ’ব। কিমৰ স্বামী প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক ইয়লক বৰ্তমান গ্যয়ংগি প্ৰদেশৰ উইৱাঙৰ ছিউল ডিটেনচন চেণ্টাৰত ৰখা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
