মস্কো, ২৪ জানুৱাৰী (হি.স.)। ইউক্ৰেইনৰ সীমান্তৰ সমীপৰ বেলগ’ৰড অঞ্চলত ৭৪ জন লোক কঢ়িয়াই অনা ৰাছিয়াৰ এখন সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। ৰাছিয়াৰ সময় অনুসৰি পুৱা প্ৰায় ১১ বজাত পশ্চিম বেলগ’ৰড অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। উৰাজাহাজ খনত আছিল ৬৫ জন ইউক্ৰেইনৰ যুদ্ধবন্দী।
ৰাছিয়াৰ সংবাদ সংস্থাই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি বিমানখনত থকাসকলৰ ভিতৰত ৬৫ জন ইউক্ৰেইনৰ সৈনিক আছিল যিসকলক বন্দী বিনিময়ৰ পূৰ্বে বেলগ’ৰডলৈ উৰাজাহাজেৰে লৈ যোৱা হৈছিল। এইখন হৈছে ৰাছিয়াৰ সামৰিক পৰিবহণ বিমান আই এল-৭৬। জাহাজখনত আছিল ছয়জন ক্ৰু মেম্বাৰ আৰু তিনিজন সহকৰ্মী। বৰ্তমান দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই।
ক্ৰেমলিনে এই খবৰ পোৱা দুৰ্ঘটনা সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে। মুখপাত্ৰ দিমিত্ৰী পেস্কোভে কয় যে এইটো একেবাৰে নতুন তথ্য, আমি এতিয়াই ইয়াৰ সৈতে মোকাবিলা কৰিম। মই এতিয়া একো ক’ব নোৱাৰো।” বেলগ’ৰডৰ গৱৰ্ণৰ ভিয়াচেছলাভ গ্লাডকোভে কয়, ”এটা তদন্তকাৰী দল আৰু জৰুৰীকালীন পৰিস্থিতি মন্ত্ৰালয়ৰ কৰ্মচাৰীয়ে বৰ্তমান সেই স্থানত কাম কৰি আছে। কামৰ সময়সূচী সলনি কৰি অঞ্চলটোলৈ গ’লোঁ ৷ ইয়াৰ সৈতে জড়িত সবিশেষ পিছত উপলব্ধ হ’ব।” গ্লাডকোভে কয় যে এই “কাণ্ড” বেলগোৰড চহৰৰ উত্তৰ-পূবত অৱস্থিত বেলগ’ৰড অঞ্চলৰ কোৰোচানস্কি জিলাত সংঘটিত হৈছে।
হিন্দুস্থান সমাচাৰ/দধিবল/মনোজ
