ইছলামাবাদ (পাকিস্তান), ১৮ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ডেৰা বুগটি জিলাৰ ছুই অঞ্চলত বুধবাৰে দুটা পৃথক লেণ্ডমাইন বিস্ফোৰণত কমেও তিনিজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়। ইফালে খুজদাৰ জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এক সংঘৰ্ষত ৫জন উগ্ৰপন্থীক ধৰাশায়ী কৰে।
দ্য এক্সপ্ৰেছ ট্ৰিবিউনত প্ৰকাশিত এক বাতৰি অনুসৰি পুৱা প্ৰায় ৭ বজাত সাঘৰী গাঁৱত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয়। ঘৰৰ পৰা ওলাই অহাৰ সময়তে এগৰাকী মহিলা, আঠ বছৰীয়া কন্যা আৰু গুলাম নবীৰ থিতাতে মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীয়ে কয় যে এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে নিহতসকলৰ মৃতদেহ চিনিব পৰা নাছিল। দ্বিতীয়টো বিস্ফোৰণৰ ফলত সীমান্তৱৰ্তী য়াৰু অঞ্চলত দুজন পুৰুষ, এগৰাকী মহিলা আৰু তেওঁৰ ১০ বছৰীয়া পুত্ৰ আহত হয়। লেভিছৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক ডেৰা বুগটি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে নিহত দুজনৰ অৱস্থা সংকটজনক বুলি অভিহিত কৰে।
লেভি আৰু ফ্ৰন্টিয়াৰ কৰ্পছৰ জোৱানে বিস্ফোৰণস্থলীসমূহ ঘেৰাও কৰি অনুসন্ধান অভিযান আৰম্ভ কৰে। বিষয়াসকলে নিশ্চিত কৰিছে যে বিস্ফোৰকসমূহৰ প্ৰকৃতিৰ মূল্যায়নৰ বাবে বিশেষজ্ঞৰ এটা দল মাতি অনা হৈছে। ঘটনা সন্দৰ্ভত তদন্তৰ কথা ঘোষণা কৰিছে কৰ্তৃপক্ষই। এতিয়ালৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।
ডন কাকতখনে প্ৰকাশ কৰা অনুসৰি, সামৰিক বাহিনীৰ মিডিয়া শাখা আন্তঃসেৱা জনসংযোগ (আই এছ পি আৰ)য়ে বুধবাৰে জনোৱা মতে, চলিত সপ্তাহৰ আৰম্ভণিতে বেলুচিস্তানৰ খুজদাৰ জিলাত চোৰাংচোৱা ভিত্তিক অভিযানত নিৰাপত্তা বাহিনীয়ে পাঁচজন সন্ত্ৰাসবাদীক হত্যা কৰে। সন্ত্ৰাসবাদীৰ উপস্থিতিৰ চোৰাংচোৱাৰ ভিত্তিত ১৪/১৫ ছেপ্টেম্বৰৰ নিশা নিৰাপত্তা বাহিনীয়ে এই অভিযান চলাইছিল বুলি আইএছপিআৰে জানিবলৈ দিয়ে। সন্ত্ৰাসবাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হয়। সোমবাৰে বেলুচিস্তানৰ কেচ জিলাত সংঘটিত বিস্ফোৰণত এজন কেপ্তেইনসহ পাঁচজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ পিছতে এই অভিযান আৰম্ভ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
