• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > বেলুচিস্তানঃ বেলুচিস্তানৰ নোক কুণ্ডিত ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ত বিএলএফৰ মহিলা সদস্যৰ আত্মঘাতী আক্ৰমণ
International

বেলুচিস্তানঃ বেলুচিস্তানৰ নোক কুণ্ডিত ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ত বিএলএফৰ মহিলা সদস্যৰ আত্মঘাতী আক্ৰমণ

CliQ INDIA
Last updated: December 1, 2025 2:10 pm
CliQ INDIA
Share
4 Min Read
SHARE

কুৱেটা, ০১ ডিচেম্বৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ চাগাই জিলাৰ নোক কুণ্ডিত দেওবাৰে গভীৰ নিশা বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে (বিএলএফ) মুখ্য কাৰ্যালয় দক্ষিণত আক্ৰমণ চলাই ৰাজ্য আৰু ফেডাৰেল চৰকাৰক স্তম্ভিত কৰি তুলিছে। এই আক্ৰমণৰ সৈতে জড়িত এগৰাকী মহিলা বিএলএফ সদস্যই এফচিৰ মুখ্য কাৰ্যালয়ৰ গেটত নিজকে বিস্ফোৰণ ঘটাই তেওঁৰ সতীৰ্থসকলৰ প্ৰৱেশৰ পথ মুকলি কৰি দিয়ে। পুৱাৰ ভাগত এফ চিয়ে ঘোষণা কৰে যে মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰা তিনিওজন অস্ত্ৰধাৰী আক্ৰমণকাৰীক হত্যা কৰা হৈছে। ইফালে বিএলএফৰ যোদ্ধাৰ আক্ৰমণত এফ চিৰ কেইবাজনো বিষয়া-কৰ্মচাৰী নিহত হোৱা বুলি দাবী কৰে।

ডন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি এফ চিৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এজন আক্ৰমণকাৰীয়ে নিজকে বিস্ফোৰণ কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে কমেও তিনিজন আক্ৰমণকাৰীক হত্যা কৰে। নিষিদ্ধ তেহৰিক-ই-তালিবানে এফ চিৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা চলাইছিল। মুখপাত্ৰগৰাকীয়ে কয় যে এয়া আত্মঘাতী আক্ৰমণ। মুখপাত্ৰগৰাকীয়ে কয় যে চৌহদত তালাচী অভিযান অব্যাহত আছে। এতিয়াও ভিতৰত তিনিজন আক্ৰমণকাৰী থকাৰ সন্দেহ কৰা হৈছে।

খবৰ অনুসৰি পাঞ্জগুৰ জিলাৰ গুৰমাকান অঞ্চলৰ এটা চেকপইণ্টতো নোক কুণ্ডী আক্ৰমণৰ প্ৰায় একে সময়তে আক্ৰমণ কৰা হয়। ২০২২ চনৰ নৱেম্বৰ মাহত টিটিপিয়ে চৰকাৰৰ সৈতে যুদ্ধবিৰতিৰ অন্ত পেলোৱাৰ পিছত পাকিস্তানত বিশেষকৈ বেলুচিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ উত্থান ঘটিছে। শনিবাৰে বেলুচিস্তানৰ কুৱেটা আৰু ডেৰা মুৰাদ জামালিত ৭টা বিস্ফোৰণে জোকাৰি যায়। এটা বিস্ফোৰণে প্ৰাদেশিক ৰাজধানীৰ সমীপৰ ৰে’লপথৰ এটা অংশ বিস্ফোৰণ ঘটাই দেশৰ অন্যান্য প্ৰান্তলৈ ৰে’ল যাতায়তত ব্যাঘাত জন্মায়। গভীৰ নিশা আন এক কাণ্ডত অচিনাক্ত অস্ত্ৰধাৰীয়ে কুৱেটাৰ ছাৰিয়াব অঞ্চলৰ এটা নিৰ্মাণ কোম্পানী শিবিৰত আক্ৰমণ কৰে।

দ্য এক্সপ্ৰেছ ট্ৰিবিউন কাকতৰ মতে, নোক কুণ্ডিত এফ চিৰ জোৱানৰ গুলীচালনাত কেইবাজনো আক্ৰমণকাৰী নিহত হয়। পাঞ্জগুৰি জিলাৰ এটা নিৰাপত্তাৰক্ষী চকীত কেইবা ঘণ্টা ধৰি নিৰাপত্তা বাহিনী আৰু আক্ৰমণকাৰীৰ মাজত গুলীচালনাৰ আদান-প্ৰদান অব্যাহত থাকে। ইয়াৰ পূৰ্বে যোৱা সোমবাৰে পেছাৱাৰৰ ফেডাৰেল কনষ্টেবলৰী মুখ্য কাৰ্যালয়ৰ গেটত আত্মঘাতী বোমাৰু বিস্ফোৰণ কৰি তিনিজন জোৱান নিহত হয়।

দ্য বেলুচিস্তান পোষ্টৰ তথ্য অনুসৰি পাঞ্জগুৰিৰ মাঘৰিবৰ এটা চেকপইণ্টত কেইবা ঘণ্টা ধৰি সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত পাকিস্তান সেনাবাহিনীৰ যথেষ্ট ক্ষতিসাধন হয়। চেকপইণ্টৰ সমীপত পাকিস্তান সেনাৰ এটা শিবিৰক লক্ষ্য কৰি অস্ত্ৰধাৰী লোকে। বিগত দিনটোত কালাট, কুৱেটা, কেচ, চাগাই, পাঞ্জগুৰকে ধৰি বেলুচিস্তানৰ বিভিন্ন জিলাত পাকিস্তান সেনা, আৰক্ষী, চৰকাৰী সুবিধা, ৰে’লপথক লক্ষ্য কৰি ২৩টাতকৈও অধিক আক্ৰমণ সংঘটিত হৈছে। সশস্ত্ৰ লোকে কুৱেটা আৰু ইৰাণৰ সীমান্তলৈ যোৱা পথসমূহো অৱৰোধ কৰি ৰাখিছে।

তদুপৰি, চাগাইস্থিত পাকিস্তান সেনাৰ মূল শিবিৰত সশস্ত্ৰ আক্ৰমণকাৰীয়ে আত্মঘাতী আক্ৰমণ চলায়। বেলুচ স্বাধীনতা সশস্ত্ৰ সংগঠনে চাগাইকে ধৰি বিভিন্ন অঞ্চলত সংঘটিত হোৱা এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে যদিও পাঞ্জগুৰিত সংঘটিত আক্ৰমণৰ দায়িত্ব এতিয়াও কোনো সংগঠনে স্বীকাৰ কৰা নাই। পাকিস্তান সেনাৰ বিষয়াসকলে বিগত ২৪ ঘন্টাত কেইবাটাও আক্ৰমণৰ কথা নিশ্চিত কৰিছে। নোক কুণ্ডী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছত বি এল এফে তেওঁলোকৰ সাহসী মহিলা সদস্যৰ এখন ফটো প্ৰকাশ কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক চমু বিবৃতিত বিএলএফৰ মুখপাত্ৰ মেজৰ ঘোৰাম বালোচে কয় যে সংস্থাটোৰ সংযুক্ত প্ৰতিষ্ঠান ছ’বৰ সদস্যসকলে ন’ক কুণ্ডিত ৰেকোডাক আৰু সিণ্ডকৰ সৈতে জড়িত বিদেশী শ্ৰমিক আৰু অভিযন্তাক আৱাস দিয়া কেন্দ্ৰীয় চৌহদত ব্যাপক আক্ৰমণ চলায়।

বিএলএফে নিজৰ অফিচিয়েল চেনেলত নিজৰ মহিলা আত্মঘাতী বোমাৰুৰ ফটো প্ৰকাশ কৰি ঘোষণা কৰে যে জুণ্ড নাদেৰীৰ সদস্য জৰিনা ৰফিক ওৰফে তৰং মাহুয়ে চৌহদৰ দেৱাল ভাঙি নিজকে বিস্ফোৰণ ঘটালে। পৰৱৰ্তী সময়ত বিএলএফৰ বাকী বিদ্ৰোহীসকলে চৌহদটোত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। যুদ্ধ চলি আছে। কেন্দ্ৰীয় শিবিৰৰ ভিতৰত এতিয়াও কেইবাজনো বিদ্ৰোহী আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰৰ ধ্বংসাৱশেষ উদ্ধাৰ, ‘দুৰ্ঘটনাস্থলীত নাই জীৱিত লোকৰ সন্ধান’ | BulletsIn
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ একেলগে কাম কৰি যাব: আমেৰিকা | BulletsIn
ইজৰাইলৰ সেনাৰ তিনিফালৰ পৰা গাজা আক্ৰমণ
কিম জং উনৰ পাৰমাণৱিক অস্ত্ৰাগাৰৰ প্ৰতিৰক্ষা, বিশ্ব সংঘাতক নিৰাপত্তা কৌশলৰ সৈতে সংযোগ
ইহুদী বিৰোধীতাক লৈ পেনচিলভেনিয়াৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ লিজ মেগিলৰ পদত্যাগ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বাণিজ্যিক চিলিণ্ডাৰৰ দৰ ১০ টকা হ্ৰাস, নতুন ৰেট প্ৰযোজ্য
Next Article ধৰ্মান্তৰকৰণৰ বিতৰ্কৰ মাজতে ৩৬ ঘণ্টা ধৰি এটা পৰি থাকিল মৃতদেহ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?