জয়পুৰ, ১৩ আগষ্ট (হি.স.)। ৰাজস্থানৰ দৌছা জিলাত বুধবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ১১ জন ভক্তৰ মৃত্যু হয়। দৌছা-মনোহপুৰ পথৰ বাপিৰ সমীপত এখন কণ্টেইনাৰ আৰু যাত্ৰীবাহী পিকআপৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষত থিতাতে ১০ জন লোকৰ মৃত্যু হয়। জয়পুৰৰ এছ এম এছ হাস্পতালত চিকিৎসাৰ সময়ত এগৰাকী মহিলা ভক্তৰ মৃত্যু হয়। আটাইকেইজনেই উত্তৰ প্ৰদেশৰ কাছগঞ্জ (ইটা)ৰ বাসিন্দা। খাতুশ্যাম ভ্ৰমণ কৰি উভতি আহিছিল এইসকল লোক।
দৌছা জিলা উপায়ুক্ত দেৱেন্দ্ৰ কুমাৰে জনোৱা মতে, প্ৰাথমিক তথ্য অনুসৰি বাপিৰ সমীপত সংঘটিত দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হৈছে। ৯ জন লোকক চিকিৎসাৰ বাবে ৰেফাৰ কৰা হৈছে আৰু তিনিজনক জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই দুৰ্ঘটনা সংঘটিত হৈছে এখন যাত্ৰী পিকআপ আৰু এটা কণ্টেইনাৰৰ মাজত।
দৌছা আৰক্ষীয়ে জনোৱা মতে, আটাইকেইজন ভক্তই খাতুশ্যাম আৰু চালাছাৰ পৰিদৰ্শন কৰি উত্তৰ প্ৰদেশৰ নিজৰ ঘৰলৈ গৈ আছিল। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে কণ্টেইনাৰখনে পিকআপখন পিছফালৰ পৰা খুন্দা মাৰে। পিকআপখনত ২২ জনতকৈ অধিক ভক্ত আছিল। ইয়াৰে দহজনৰ মৃত্যু হয় দৌছাত। জয়পুৰৰ এছ এম এছ হাস্পতালত গুৰুতৰভাৱে আহত এজনৰ মৃত্যু। এই দুৰ্ঘটনাত ৭টা শিশু আৰু ৪ গৰাকী মহিলাৰ মৃত্যু হয়।
আৰক্ষীৰ তথ্য অনুসৰি এই লোকসকল উত্তৰ প্ৰদেশৰ আছৰৌলি (ইটাহ)ৰ বাসিন্দা। নিহতসকলৰ ভিতৰত আছে পুৰৱী (৩), প্ৰিয়ংকা (২৫), দক্ষ (১২), শীলা (৩৫), সীমা (২৫), অংশু (২৬) আৰু সৌৰভ (৩৫)। চাৰিজন নিহত লোকক চিনাক্ত কৰিব পৰা নগ’ল। গুৰুতৰভাৱে আহত সকলৰ ভিতৰত আছে সীমা (২৩), মনোজ (২৫), নৈতিক (৮), প্ৰিয়ংকা, ৰীতা (২৬), লক্ষ্য (৭), নীৰজ (২০), সৌৰভ (২৬), জ্ঞান সিং ৰাজপুতৰ পুত্ৰ সৌৰভ (৩২) । আহত সকলক প্ৰাথমিক চিকিৎসাৰ অন্তত জয়পুৰলৈ প্ৰেৰণ কৰা হৈছে। লগতে দৌছা জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে চাৰিজন সামান্য আহত। প্ৰশাসনে ভুক্তভোগী পৰিয়ালৰ সৈতে যোগাযোগ কৰি আৰ্থিক সাহায্য আৰু প্ৰয়োজনীয় সহায়ৰ আশ্বাস প্ৰদান কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
