টেক্সাছ, ফেব্ৰুৱাৰী : টেক্সাছ একাডেমী অৱ মেডিচিন, ইঞ্জিনিয়াৰিং, ছায়েন্স এণ্ড টেকন’লজিয়ে ভাৰতীয় মূলৰ কম্পিউটাৰ অভিযন্তা অধ্যাপক অশোক বীৰৰাঘৱনক অভিযান্ত্ৰিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ‘এডিথ এণ্ড পিটাৰ অ’ডনেল’ বঁটাৰে সন্মানিত কৰা হৈছে। টেক্সাছৰ গৱেষকসকলৰ বাবে ই অন্যতম উচ্চতম শৈক্ষিক বঁটা। প্ৰফেচাৰ বীৰৰাঘৱন ৰাইচ বিশ্ববিদ্যালয়ৰ জৰ্জ আৰ. ব্ৰাউনৰ স্কুল অৱ ইঞ্জিনিয়াৰিঙত ইলেক্ট্ৰিকেল আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যাপক। ৰাইচ বিশ্ববিদ্যালয়ৰ মুখপত্ৰ ‘দ্য ৰাইচ থ্ৰেছাৰ’ত এই তথ্য দিয়া হৈছে। ‘দ্য ৰাইচ থ্ৰেছাৰ’ই কয় যে অধ্যাপক বীৰৰাঘৱনে ‘বিপ্লৱী ইমেজিং প্ৰযুক্তি’ৰ বাবে ২০২৪ চনৰ এডিথ এণ্ড পিটাৰ অ’ডনেল বঁটা লাভ কৰিছে।
ভাৰতীয়-আমেৰিকান ড° বীৰৰাঘৱন বি.টেক। ২০০২ চনত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকীত স্নাতকোত্তৰ আৰু ২০০৮ চনত কলেজ পাৰ্কৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযান্ত্ৰিক বিভাগৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। ২০১০ চনত ইচিই বিভাগত যোগদান কৰে অশোকে। ২০১৭ চনত সহযোগী অধ্যাপক আৰু ২০২০ চনত অধ্যাপক পদত পদোন্নতি লাভ কৰে।
ৰাইচ বিশ্ববিদ্যালয়ৰ মুখপাত্ৰ ‘দ্য ৰাইচ থ্ৰেশ্বাৰ’ৰ মতে, বীৰৰাঘৱন হৈছে ফ্লেটকেমৰ সহ-বিকাশক। য়েল বিশ্ববিদ্যালয়ৰ সহযোগত ৰাইচ ইচিইৰ দলটোৱে অপটিকেল হাৰ্ডৱেৰ আৰু ইয়াৰ চফ্টৱেৰ ইন্টাৰফেছ বিকশিত কৰাৰ বাবে চাৰি বছৰৰ ভিতৰত ৪০ লাখ ডলাৰ লাভ কৰিব।
