মস্কো, ১৮ নৱেম্বৰ (হি.স.)। ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে তেওঁৰ সমকক্ষ ছাৰ্গেই লাভৰভৰ সৈতে সাক্ষাৎ কৰে। তেওঁলোকে ২৩ সংখ্যক বাৰ্ষিক ভাৰত-ৰাছিয়া সন্মিলনৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ লগতে বিশ্বৰ অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰে।
সোমবাৰে তিনিদিনীয়া ৰাছিয়া ভ্ৰমণৰ বাবে মস্কোত উপস্থিত হয় জয়শংকৰ। তেওঁ টুইটাৰত লিখিছে, আজি মস্কোত বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভ্ৰভক লগ পাই আনন্দিত হৈছো। আমি আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰিলোঁ, য’ত বাণিজ্য আৰু বিনিয়োগ, শক্তি, গতিশীলতা, কৃষি, প্ৰযুক্তি, সংস্কৃতি, আৰু জনসাধাৰণৰ মাজত বিনিময় আদি অন্তৰ্ভুক্ত।
জয়শংকৰে কয়, আমি আঞ্চলিক, বিশ্বব্যাপী আৰু বহুপক্ষীয় বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিলোঁ। আমি ২৩ সংখ্যক বাৰ্ষিক ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলনৰ প্ৰস্তুতিও পৰ্যালোচনা কৰিলোঁ।
ৰাছিয়া ভ্ৰমণৰ সময়ত জয়শংকৰে চাংহাই সহযোগিতা সংস্থা (এছচিঅ’)ৰ ৰাষ্ট্ৰপতি পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব। ৰাছিয়াত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কুমাৰ আৰু ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ দ্বিতীয় এছিয়া বিভাগৰ সঞ্চালক আলেক্সী পাভলভস্কিয়ে তেওঁক বিমানবন্দৰত আদৰণি জনায়।
ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছ (TASS)ৰ তথ্য অনুসৰি জয়শংকৰ আৰু লাভৰভে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নতুন দিল্লী ভ্ৰমণৰ প্ৰস্তুতিৰ বিষয়েও আলোচনা কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্ষিক শীৰ্ষ সন্মিলনৰ বাবে ৫ ডিচেম্বৰৰ আশে-পাশে পুটিন ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে ২০২১ চনত নতুন দিল্লী ভ্ৰমণ কৰিছিল পুটিনে।
টাছৰ তথ্য অনুসৰি মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ কাউন্সিল অৱ ষ্টেটছ অৱ ষ্টেটছৰ বৈঠকত জয়শংকৰে প্ৰধানমন্ত্ৰী মোডীক প্ৰতিনিধিত্ব কৰিব। ৰাষ্ট্ৰপতি পুটিনেও এই বৈঠকত ভাষণ দিয়াৰ সম্ভাৱনা আছে। বুধবাৰে কাজান আৰু একাটেৰিনবাৰ্গত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দুই নতুন ভাৰতীয় কনছুলেট উদ্বোধন কৰিব জয়শংকৰে। ইতিমধ্যে ছেইণ্ট পিটাৰ্ছবাৰ্গ আৰু ৰাছিয়াৰ ভ্লাডিভষ্টকত ভাৰতৰ কনছুলেট আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
