– ৰাছিয়াৰ সৈতে আমেৰিকাৰ বাণিজ্য অব্যাহত থকাৰ বিষয়ে অজ্ঞাত বুলি দাবী কৰে ট্ৰাম্পে
ৱাশ্বিংটন, ০৬ আগষ্ট (হি.স.)। ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত নিকি হেলিয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ভাৰতৰ সৈতে সম্পৰ্ক নষ্ট নকৰিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় সামগ্ৰীৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিলে ভাৰত-আমেৰিকাৰ সম্পৰ্ক তিক্ত হ’ব পাৰে বুলি মন্তব্য কৰিছে প্ৰাক্তন ৰাষ্ট্ৰদূত হেলিয়ে। ইয়াৰ পূৰ্বে মঙলবাৰে পুনৰবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে অহা ২৪ ঘন্টাত ভাৰতৰ ওপৰত শুল্ক আৰু অধিক বৃদ্ধি কৰিব। অৱশ্যে ট্ৰাম্পে কয় যে ভাৰতে দিয়া সত্যৰ বিষয়ে তেওঁ অজ্ঞাত, য’ত ভাৰতে কৈছে যে আমেৰিকা আৰু ইউৰোপীয় সংঘই নিজেই ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিছে।
শুল্কক লৈ ভাৰত-আমেৰিকাৰ উত্তেজনা সন্দৰ্ভত ভাৰতীয় মূলৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত নিকি হেলীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গুৰুত্বপূৰ্ণ পৰামৰ্শ দি কয় যে ইয়াৰ ফলত দুয়োখন দেশৰ দীৰ্ঘদিনীয়া বন্ধুত্ব তিক্ত হৈ পৰাৰ আশংকা আছে। ট্ৰাম্পে দ্বৈত মানদণ্ড গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ এটা পোষ্টত লিখিছে – ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা উচিত নহয়, কিন্তু ৰাছিয়া আৰু ইৰাণৰ আটাইতকৈ ডাঙৰ তেল ক্ৰেতা চীনে ৯০ দিনৰ শুল্ক ৰেহাই পাইছে। ভাৰতৰ দৰে শক্তিশালী মিত্ৰ দেশৰ সৈতে সম্পৰ্ক বিনষ্ট কৰি চীনক ৰেহাই নিদিব।
মঙলবাৰে ট্ৰাম্পে পুনৰ কয় যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰি ৰাছিয়াৰ যুদ্ধ যন্ত্ৰক উৎসাহিত কৰিছে। তেওঁ আগন্তুক ২৪ ঘণ্টাত ভাৰতৰ ওপৰত শুল্ক আৰু বৃদ্ধি কৰাৰ দাবী কৰে যদিও ৰাছিয়াৰ সৈতে আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক সন্দৰ্ভত ভাৰতে দিয়া তথ্য সন্দৰ্ভত ট্ৰাম্পে কয় যে তেওঁ এই বিষয়ে অৱগত নহয় আৰু তেওঁ ইয়াৰ তদন্ত কৰিব।
ইয়াৰ পূৰ্বে ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছিল যে ৰাছিয়াৰ যুদ্ধ যন্ত্ৰৰ দ্বাৰা ইউক্ৰেইনত কিমান লোকক হত্যা কৰা হৈছে সেই কথা ভাৰতে চিন্তা নকৰে। সেইবাবেই তেওঁলোকে ভাৰতৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ ওলাইছে।
ভাৰতে ট্ৰাম্পৰ ভাবুকিক সম্পূৰ্ণ অবাঞ্চিত আৰু অযুক্তিকৰ বুলি অভিহিত কৰি কয় যে আমেৰিকা আৰু ইউৰোপীয় সংঘই নিজেই ৰাছিয়াৰ সৈতে ব্যৱসায় অব্যাহত ৰাখিছে। মন্ত্ৰালয়ে কৈছিল যে আমেৰিকাই ৰাছিয়াৰ পৰা সাৰ আৰু ৰাসায়নিক পদাৰ্থৰ দৰে সামগ্ৰী আমদানি কৰে, গতিকে ভাৰতক লক্ষ্য কৰি লোৱাটো অন্যায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
