মেক্সিকো এই বছৰৰ প্ৰথমটো সম্পূৰ্ণ সূৰ্যগ্ৰহণ বিশ্বৰ ভিতৰতে সৰ্বপ্ৰথমে প্ৰত্যক্ষ হয় মেক্সিকোৰ মাজাটেইন চহৰত। মেক্সিকো স্থানীয় সময় অনুসৰি পুৱা ১১:০৭ বজাত সম্পূৰ্ণ সূৰ্যগ্ৰহণ দেখা গৈছিল। ইয়াৰ বাবেই মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় উপকূল সম্পূৰ্ণৰূপে আন্ধাৰেৰে আগুৰি ধৰিলে। দিনতো নিশাৰ দৰে পৰিৱেশ বিৰাজ কৰিছিল।
ভাৰতৰ বাহিৰে এই সূৰ্যগ্ৰহণ মেক্সিকো, উত্তৰ আমেৰিকা, কানাডা, জামাইকা, আয়াৰলেণ্ড, ইংলেণ্ডৰ উত্তৰ-পশ্চিম অঞ্চল, কিউবা, ডমিনিকা, কোষ্টা ৰিকা, পশ্চিম ইউৰোপ, ফ্ৰেন্স পলিনেছিয়া, প্ৰশান্ত মহাসাগৰীয়, আটলাণ্টিক আৰু আৰ্কটিক আদি অঞ্চলতো দেখা গৈছিল। ভাৰতীয় সময় অনুসৰি ৮ এপ্ৰিলৰ নিশা ৯:১২ বজাৰ পৰা আৰম্ভ হৈছিল আৰু ০৯ এপ্ৰিলৰ পুৱা ২:২২ বজাত শেষ হৈছিল। ইয়াৰ মুঠ সময় আছিল ৫ ঘণ্টা ১০ মিনিট। এই সময়ত আকাশত ৪ মিনিট ১১ ছেকেণ্ড অন্ধকাৰময় হৈ পৰিছিল।
এই মহাজাগতিক মুহূৰ্তৰ সাক্ষী হ’বলৈ সমগ্ৰ উত্তৰ আমেৰিকাৰ পৰা মানুহে ভিৰ কৰিছিল। কেইমুহূৰ্তমানৰ বাবে পোহৰ ডুব যোৱা দেখিলে লোকসকলে। লগতে ইয়াৰ পিছত আঙঠিৰ ৰূপত পোহৰৰ পুনৰ্জন্মৰ সাক্ষী হৈ পৰিল সকলো । কাৰ্লেটন বিশ্ববিদ্যালয়ৰ হানিকা ৰিজোৱে কয় যে এই সম্পূৰ্ণ সূৰ্যগ্ৰহণ বিশ্বব্ৰহ্মাণ্ডত আমাৰ স্থানৰ ওপৰত চিন্তা কৰাৰ এক বিশেষ মুহূৰ্ত। দীৰ্ঘদিন ধৰি সূৰ্য্যৰ জন্ম আৰু সৌৰজগত গঠনৰ লগত জড়িত অলৌকিকতাৰ বিষয়ে বিজ্ঞানীসকলে অধ্যয়ন কৰি আহিছে। ৰিজ’ৰ মতে, মেগমা মহাসাগৰৰ গঠনৰ সময় নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা অধ্যয়নত সূৰ্য্যৰ জন্মৰ ১০০ৰ পৰা ১৫ কোটি বছৰৰ ভিতৰত বয়স পোৱা যায়।
