• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > হামাছৰ আমেৰিকাৰ গাজা শান্তি পৰিকল্পনাত সন্মতি, ট্ৰাম্পৰ ইজৰাইলক গাজাত অভিযান তৎক্ষণাত বন্ধ কৰাৰ নিৰ্দেশ
International

হামাছৰ আমেৰিকাৰ গাজা শান্তি পৰিকল্পনাত সন্মতি, ট্ৰাম্পৰ ইজৰাইলক গাজাত অভিযান তৎক্ষণাত বন্ধ কৰাৰ নিৰ্দেশ

CliQ INDIA
Last updated: October 4, 2025 1:50 pm
CliQ INDIA
Share
4 Min Read
SHARE
हमास का बयान

ৱাশ্বিংটন, ০৪ অক্টোবৰ (হি.স.)। পেলেষ্টাইনী মিলিচীয়া গোট হামাছে আমেৰিকাৰ গাজাৰ শান্তিৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। শান্তি প্ৰস্তাৱৰ অংশ হিচাপে হামাছে মৃত বা জীৱিত সকলো ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হামাছে শান্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ কিছু সময়ৰ পিছতে হামাছে এই ঘোষণা কৰে। ইয়াৰ পিছতে ট্ৰাম্পে ইজৰাইলক গাজাৰ বোমা বিস্ফোৰণ শীঘ্ৰে বন্ধ কৰিবলৈ আহ্বান জনায়।

হামাছে শীঘ্ৰেই মধ্যস্থতামূলক আলোচনাত লিপ্ত হ’বলৈ সাজু হোৱাৰ ইংগিত দিছে, যাৰ ফলত ড’নাল্ড ট্ৰাম্পে সন্তুষ্টি প্ৰকাশ কৰি ট্ৰুথ ছ’চিয়েলত লিখিছে, “হামাছে জাৰি কৰা বিবৃতিৰ ভিত্তিত মই বিশ্বাস কৰোঁ যে তেওঁলোক স্থায়ী শান্তিৰ বাবে সাজু।” ট্ৰাম্পে গাজাত ইজৰাইলল বোমা নিক্ষেপন তৎকালীনভাৱে বন্ধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাতে পণবন্দীসকলক অতি সোনকালে নিৰাপদে উলিয়াই আনিব পৰা যায়।

শান্তি আলোচনাত যোগদান কৰিবলৈ সাজু: হামাছ

হামাছে উল্লেখ কৰিছে যে ট্ৰাম্পৰ গাজা পৰিকল্পনাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ মধ্যস্থতাকাৰীৰ জৰিয়তে তৎক্ষণাত আলোচনাত মিলিত হ’বলৈ সাজু। হামাছে গাজাৰ প্ৰশাসনক “পেলেষ্টাইনৰ স্বতন্ত্ৰ কাৰিকৰী বিশেষজ্ঞৰ সংস্থা”ক গতাই দিবলৈও সাজু বুলি পুনৰ দোহাৰে। ইয়াৰ পূৰ্বে হামাছেই গাজা প্ৰশাসন চলাই আহিছিল।

দ্য টাইমছ অৱ ইজৰাইলৰ মতে, হামাছে এই পৰিকল্পনাৰ চৰ্ত অনুসৰি বাকী থকা ৪৮ জন পণবন্দী সকলোকে মুকলি কৰি দিবলৈ ইচ্ছুক, য’ত স্থায়ী যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ ৭২ ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়াৰ লগতে ২০০০ৰো অধিক পেলেষ্টাইনী নিৰাপত্তা বন্দী আৰু নিহত গাজাবাসীৰ মৃতদেহো মুকলি কৰিবলৈ ইচ্ছুক। ইয়াৰ পিছত ইজৰাইলে গাজাৰ পৰা প্ৰত্যাহাৰৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰিব।

হামাছলৈ ট্ৰাম্পৰ সতৰ্কবাণী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে হামাছক ইজৰাইলৰ সৈতে দেওবাৰে সন্ধিয়া ৬ বজালৈ শান্তি চুক্তিত উপনীত হ’বলৈ সময় সীমা নিৰ্ধাৰিত কৰি দিয়ে। তেওঁ কয় যে হামাছক গাজা পৰিকল্পনা গ্ৰহণ কৰি ইজৰাইলী পণবন্দীসকলক মুকলি কৰি দিয়াৰ চূড়ান্ত সুযোগ দিয়া হৈছে আৰু তেনে নকৰিলে ভয়াৱহ পৰিণতি হ’ব।

শেহতীয়াকৈ আমেৰিকা ভ্ৰমণ কৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ট্ৰাম্পৰ সৈতে আমেৰিকাৰ শান্তি পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে আৰু দুয়োজনে ইয়াৰ ওপৰত সহমতত উপনীত হয়। ৩০ ছেপ্টেম্বৰত ইজিপ্ত, জৰ্ডান, কাটাৰ, চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, তুৰস্ক, ইণ্ডোনেছিয়া, পাকিস্তানে ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাক সমৰ্থন কৰি এক যৌথ বিবৃতি প্ৰকাশ কৰে।

আমেৰিকাৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হামাছে তৎক্ষণাত ৪৮ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিব, ইয়াৰে প্ৰায় ২০ জন জীৱিত বুলি ধাৰণা কৰা হৈছে। ইয়াৰ উপৰিও ক্ষমতা আৰু অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিব লাগিব। ইজৰাইলে গাজাত নিজৰ অভিযান বন্ধ কৰিব, বেছিভাগ অঞ্চলৰ পৰা আঁতৰি আহিব, শ শ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব, আৰু মানৱীয় সাহায্য আৰু পুনৰ্গঠনৰ অনুমতি দিব। গাজাৰ প্ৰায় ২০ লাখ পেলেষ্টাইনী লোকৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰশাসন কাৰ্যকৰী কৰা হ’ব।

উল্লেখ্য যে ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইলৰ ওপৰত হামাছে সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ইজৰাইলে গাজাত সামৰিক অভিযান আৰম্ভ কৰিছিল, যিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যত প্ৰভাৱ পেলাইছে।

২০ দফীয়া গাজা শান্তি পৰিকল্পনাৰ বিশেষত্ব কি:

– ইজৰাইলে গাজাত সামৰিক অভিযান তৎক্ষণাত বন্ধ কৰি দিব আৰু পৰ্যায়ক্ৰমে নিজৰ বাহিনী প্ৰত্যাহাৰ কৰিব।

– ৭২ ঘণ্টাৰ ভিতৰত হামাছে সকলো পণবন্দীক মুকলি কৰি দিব।

– আজীৱন কাৰাদণ্ড ভুগি থকা ২৫০ জন পেলেষ্টাইনী বন্দীক ইজৰাইলে মুকলি কৰি দিব। ইয়াৰ উপৰিও ১৭০০ বন্দী গাজাবাসীকো মুকলি কৰি দিয়া হ’ব।

– শান্তিপূৰ্ণভাৱে একেলগে থাকিবলৈ প্ৰতিশ্ৰুতি দিয়া হামাছৰ সদস্যসকলক ক্ষমা কৰা হ’ব।

– বৃহৎ পৰিসৰৰ মানৱীয় সাহায্যৰ অংশ হিচাপে দৈনিক কমেও ৬০০ ট্ৰাক ভৰ্তি সাহায্য সামগ্ৰী গাজাত উপস্থিত হ’ব।

– গাজাৰ শাসনত হামাছৰ কোনো ভূমিকা নাথাকিব, আৰু সকলো সন্ত্ৰাসবাদী সুৰংগ আৰু সামৰিক আন্তঃগাঁথনি ভাঙি পেলোৱা হ’ব।

– গাজাৰ প্ৰশাসন পেলেষ্টাইনী কাৰিকৰী বিশেষজ্ঞৰ হাতত থাকিব, যাৰ তদাৰক হ’ব আন্তঃৰাষ্ট্ৰীয় সমিতি।

– গাজাক সন্ত্ৰাসমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হ’ব।

– গাজাৰ পুনৰ্গঠন আৰু উন্নয়নৰ কাম আৰম্ভ হ’ব।

– ইজৰাইলে গাজাক সংযুক্ত নকৰে আৰু স্থায়ীভাৱে দখলো নকৰে।

ইজৰাইল-পেলেষ্টাইন সংঘাতৰ ৰাজনৈতিক সমাধানৰ বাবে আমেৰিকাই আলোচনা আগবঢ়াই নিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

গাজা যুদ্ধত আইডিএফে বৃহৎ ত্ৰুটি, নিজৰ নাগৰিকৰ ওপৰত গুলীচালনাত তিনি ইজৰাইলী পণবন্দী নিহত
পাকিস্তানত চেক প’ষ্টত সন্ত্ৰাসবাদী আক্ৰমণ
চীনৰ ৰাষ্ট্ৰীয় পৰিষদৰ দুটা নতুন পাৰমাণৱিক কেন্দ্ৰৰ অনুমোদন
কংগোৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কাবিলাক সামৰিক আদালতত মৃত্যুদণ্ড প্ৰদান
ছুইডেনত কোৰআন জ্বলোৱা ছালৱান মমিকাক গুলীয়াই হত্যা | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দ্বিতীয় টি-২০ত আফগানিস্তানক ২ উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ বাংলাদেশৰ
Next Article প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱক-যুৱতীসকললৈ আগবঢ়াব এক বৃহৎ উপহাৰ, ৬২ হাজাৰ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?