গাজা, ২৬ নৱেম্বৰ (হি.স.)। কাটাৰৰ মধ্যস্থতাত গাজা ষ্ট্ৰিপত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছ আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা যুদ্ধ হয়তো চাৰিদিন ধৰি বন্ধ হৈ গৈছে যদিও আশংকাৰ ডাৱৰ বাঢ়িব ধৰিছে। আজি (দেওবাৰ) যুদ্ধবিৰতিৰ তৃতীয় দিন। কাইলৈ ইয়াৰ কাৰ্যকাল শেষ হ’ব। যুদ্ধবিৰতিৰ দ্বিতীয় দিনা হামাছে পণবন্দীসকলক মুকলি কৰি দিয়াত পলম কৰে। ইয়াৰ বাবেই ক্ষন্তেক সময়ৰ বাবে এনে লাগিল যে হয়তো যুদ্ধবিৰতি ভংগ হ’ব। অৱশেষত গভীৰ নিশা হামাছে ৫০ দিনৰ বন্দিত্বৰ অন্তত ১৩ জন ইজৰাইলী নাগৰিকক মুকলি কৰি দিয়ে। ইয়াৰ ভিতৰত আছে আঠটা শিশু, চাৰিগৰাকী মহিলা আৰু এগৰাকী ছোৱালী।
ইজৰাইলৰ স্থানীয় বাতৰি কাকত দ্য টাইমছ অৱ ইজৰাইলে দেশখনৰ বিষয়াসকলৰ উদ্ধৃতি দি সবিশেষ প্ৰকাশ কৰি কয় যে ইজৰাইলে আজি (দেওবাৰ) প্ৰকাশ কৰিবলগীয়া পণবন্দীসকলৰ তালিকা লাভ কৰিছে। তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হৈছে। পিছদিনা হামাছেও চাৰিজন থাই নাগৰিকক মুকলি কৰি দিয়ে। বৰ্তমানেও হামাছৰ বন্দী হৈ আছে ১৯৫ জন লোক।
আমেৰিকাৰ বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছৰ মতে, দেওবাৰে পুৱা ইজৰাইলৰ বিষয়াসকলে কয় যে হামাছে পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়াৰ বিনিময়ত ইজৰাইলী আৰু বিদেশী পণবন্দীসকলৰ আন এটা দলক মুকলি কৰি দিয়ে। হামাছে এই লোকসকলক মুকলি কৰি দিবলৈ দিয়া সময় এঘণ্টা পলম কৰে। ইয়াৰ ফলত গাজাত যুদ্ধবিৰতি সম্পূৰ্ণৰূপে ভংগ হ’ব পাৰে বুলি আশংকা বৃদ্ধি পালে। ইজৰাইলৰ কাৰাগাৰৰ বিষয়াসকলে জনোৱা মতে, দেওবাৰে পুৱাই ৩৯জন পেলেষ্টাইনী কয়দীক মুকলি কৰি দিয়া হয়। শুকুৰবাৰেও একেধৰণৰ আদান-প্ৰদান সংঘটিত হয়।
দ্বিতীয় দিনা নিউয়ৰ্ক টাইমছে হামাছৰ উদ্ধৃতি দি কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াত পলম হোৱাৰ কাৰণ হৈছে ইজৰাইলে চুক্তিখনৰ কিছুমান অংশৰ পৰা আঁতৰি আহিছে। হামাছে কয় যে ইজৰাইলে উত্তৰ গাজালৈ পৰ্যাপ্ত সাহায্য পোৱাৰ অনুমতি নিদিলে। লগতে চৰ্ত অনুসৰি পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়া নহ’ল। এই সন্দৰ্ভত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে হামাছৰ এই দাবী মিছা বুলি কয়। যুদ্ধবিৰতিৰ চৰ্তসমূহ সম্পূৰ্ণৰূপে পালন কৰা হৈছে। ৰাফাহ ক্ৰছিং খোলা আছে। মানৱীয় সাহায্যসহ ২০০ খন ট্ৰাক গাজাত উপস্থিত হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
