ধুবুৰী, ২৬ নৱেম্বৰ (হি.স.): ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ অবৈধ বেহা। বহিৰাজ্যৰ পশ্চিম বংগৰ চোৰাং গৰুৰে ভৰি পৰিছে ধুবুৰীৰ জিলাৰ বিভিন্ন প্ৰান্ত। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে চোৰাং গৰু কঢ়িয়াই অনা বাহন সহ পাঁচটাকৈ চোৰাং গৰু জব্দ কৰে।
পশ্চিম বংগৰ পৰা কালী আবেলি গৌৰীপুৰ অভিমুখে আহি থকা ডব্লিউবি ৭৪ এন ৬৩১৪ নম্বৰৰ বিলাসীবাহন এখন আৰক্ষীৰ সন্দেহ হোৱাত গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমনি বৈশ্যৰ নেতৃত্বত এতি দলে অভিযান চলাই বলাজানৰ পৰা পম খেদি আহি গৌৰীপুৰ ১০ নং ৱাৰ্ডৰ বিনামন্দিৰৰ সমীপতত আটক কৰিবলৈও সক্ষম হয়। গাড়ীখনত তালাচী চলোৱাত অতি নিৰ্মম ভাৱে ভৰি বান্ধি ৰখা অৱস্থাত পাঁচটাকৈ চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সৰবৰাহকাৰী সকলে পলাবলৈ সক্ষম হয়। ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে গাড়ীখন থানালৈ আনি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
