ঢাকা, ০৬ জানুৱাৰী (হি.স.)। বাংলাদেশৰ বেনাপোল এক্সপ্ৰেছ ৰে’লত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত কমেও ৪ জন যাত্ৰীৰ মৃত্যু হয়। শুকুৰবাৰে নিশা বাংলাদেশৰ কমলাপুৰ ষ্টেচনৰ সমীপত সংঘটিত হয় এই ঘটনা। ৰে’লখনত জুই লগাৰ এঘণ্টাৰ ভিতৰতে সেই স্থানত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ সাতখন বাহন। প্ৰায় ডেৰ ঘণ্টাৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অৱশ্যে জুই কেনেদৰে আৰম্ভ হ’ল সেয়া গভীৰ নিশালৈকে জানিব পৰা হোৱা নাছিল। বেনাপোলৰ পৰা ঢাকালৈ গৈ আছিল ৰে’লখন। কমলাপুৰ পোৱাৰ পূৰ্বে নিশা ৯ মান বজাত ৰে’লখনত জুই লাগে। ৰে’লখনত দাউ দাউকৈ জুই জ্বলিবলৈ ধৰিলে, এই অগ্নিকাণ্ডত ৪ জন যাত্ৰীৰ মৃত্যু হয়। গভীৰ নিশা অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনে।
ৰে’লত অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাক দুষ্কাৰ্য কাৰ্য বুলি অভিহিত কৰিছে আৰক্ষীয়ে। এই অগ্নিকাণ্ডত ৰে’লখনৰ ৫টা ডবা জ্বলি যায়। নিশাই ঘটনাস্থলীত উপস্থিত হয় জ্যেষ্ঠ আৰক্ষী বিষয়া। এই ঘটনাৰ তদন্তৰ বাবে বাংলাদেশ ৰেলৱে গঠন কৰিছে এখন কমিটী। এই ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। ইফালে, বেনাপোল এক্সপ্ৰেছ (৭৯৫) ৰে’লত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত বেনাপোল এক্সপ্ৰেছকে ধৰি বিভিন্ন পথৰ ৮খন ৰে’ল আপাততঃ বাতিল কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
