নিউয়ৰ্ক/গাজা, ০১ আগষ্ট (হি.স.)। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘত ইজৰাইল-পেলেষ্টাইন বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ পিছত পেলেষ্টাইন সংস্থা হামাছে এক বিবৃতি প্ৰকাশ কৰি কয় যে গাজাত যুদ্ধৰ অন্ত পেলোৱাটো এক “মানৱীয় আৰু নৈতিক কৰ্তব্য”।
হামাছে বিবৃতিটোত কয় যে আমাৰ পেলেষ্টাইনী জনসাধাৰণ আৰু তেওঁলোকৰ বৈধ অধিকাৰৰ সমৰ্থনত কৰা যিকোনো আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাক আমি শলাগ লৈছো আৰু আদৰণি জনাইছো।’
অৱশ্যে হামাছে এইটোও স্পষ্ট কৰি দিছে যে ইজৰাইলে গাজাৰ ওপৰত আক্ৰমণ বন্ধ নকৰালৈকে কোনো ৰাজনৈতিক সমাধানৰ সম্ভাৱনা নাই। ইয়াত ইজৰাইলক “গণহত্যা” আৰু “প্ৰণালীবদ্ধ অনাহাৰ নীতি” গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।
হামাছে ইংগিত দিছে যে যুদ্ধৰ অন্ত পেলাবলৈ আৰু ইজৰাইলী বন্দীসকলক মুকলি কৰি দিবলৈ সাজু, কিন্তু ইয়াৰ বাবে স্থায়ী যুদ্ধবিৰতি চুক্তিৰ প্ৰয়োজন। য’ত গাজাৰ পৰা ইজৰাইলী বাহিনী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা, সীমান্ত ক্ৰছিং মুকলি কৰা আৰু পুনৰ নিৰ্মাণৰ কাম তৎক্ষণাত আৰম্ভ কৰা আদি অন্তৰ্ভুক্ত।
হামাছে নিজৰ বিবৃতিত দুটা ৰাষ্ট্ৰৰ সমাধানক সমৰ্থন কৰি কয় যে “আমি এনে এক ৰাজনৈতিক পথৰ দিশে আগবাঢ়িব লাগিব যিয়ে দখলৰ অন্ত পেলাব আৰু আমাৰ জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰে, য’ত জেৰুজালেমক ৰাজধানী হিচাপে লৈ এখন সম্পূৰ্ণ সাৰ্বভৌম স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ স্থাপন কৰা হ’ব।”
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
