• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ইজৰাইল সেনাৰ অনুৰোধত গুগলে বন্ধ কৰি দিলে 'লাইভ ট্ৰেফিক' ফিচাৰ
International

ইজৰাইল সেনাৰ অনুৰোধত গুগলে বন্ধ কৰি দিলে 'লাইভ ট্ৰেফিক' ফিচাৰ

CliQ INDIA
Last updated: December 20, 2023 12:00 pm
CliQ INDIA
Share
2 Min Read
SHARE

– দক্ষিণ গাজাত বিমান আক্ৰমণত ২৮ জন পেলেষ্টাইনী নিহত

জেৰুজালেম, ২০ ডিছেম্বৰ (হি.স.। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইজৰাইল সেনাৰ অনুৰোধত গুগলে লাইভ ট্ৰেফিক ফিচাৰ বন্ধ কৰি দিছে, যাৰ বাবেই গুগল নেভিগেচন এপ ব্যৱহাৰ কৰাত লোকসকলে সমস্যাৰ সন্মুখীন হৈছে। ইজৰাইলত গুগলে বন্ধ কৰি দিছে লাইভ ট্ৰেফিক কণ্ডিচন ফিচাৰ।

ইজৰাইলৰ সৈন্যই কয় যে গুগল মেপৰ দৰে গুগল নেভিগেচন এপৰ জৰিয়তে ইজৰাইলী সেনাৰ গতিবিধি আৰু কাৰ্য্যকলাপ অনুসৰণ কৰিব পাৰি। যুদ্ধবিৰতিৰ দাবীৰ মাজতে গাজাপট্টীত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। ইজৰাইলৰ বাহিনীয়ে মঙলবাৰে দক্ষিণ গাজাত বিমান আক্ৰমণ চলাই কমেও ২৮ জন পেলেষ্টাইনী লোকৰ মৃত্যু হয়। ইয়াৰ লগতে উত্তৰ গাজাৰ শেষৰখন কাৰ্যক্ষম চিকিৎসালয়ৰ ভিতৰত এখনো আক্ৰমণ কৰা হয়। আনহাতে, হামাছৰ পক্ষৰ য়েমেনৰ ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীয়ে লোহিত সাগৰত আক্ৰমণ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে মঙলবাৰে কয় যে যদি হামাছৰ পণবন্দীসকলক ঘূৰাই অনাৰ বাবে যুদ্ধবিৰতিৰ প্ৰয়োজন হয় তেন্তে আমি তেনে কৰিবলৈ সাজু।

উল্লেখ্য যে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ বাবে আলোচনা চলি আছে। সোমবাৰে চিআইএৰ মুৰব্বীগৰাকীয়ে ইজৰাইল আৰু কাটাৰৰ বিষয়াৰ সৈতে আলোচনাৰ বাবে ইউৰোপত উপস্থিত হয়। হামাছৰ বিৰুদ্ধে বৃহৎ যুদ্ধ অভিযান হ্ৰাস কৰাৰ বাবে ইজৰাইলৰ সামৰিক নেতাসকলৰ সৈতে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ডে আলোচনা কৰাৰ সময়তে গাজাত পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত নতুন যুদ্ধবিৰতি আৰু চুক্তি উত্থাপন কৰা হৈছে।

ইজৰাইলৰ একাংশ মিত্ৰ দেশ ফ্ৰান্স, ব্ৰিটেইন আৰু জাৰ্মানেও যুদ্ধবিৰতিৰ হেঁচা বৃদ্ধি কৰিছে। আনহাতে আমেৰিকাই সাধাৰণ নাগৰিকৰ মৃত্যুক লৈ অহৰহ উদ্বেগ প্ৰকাশ কৰি আছে আৰু ইজৰাইলক উপযুক্ত ব্যৱস্থা ল’বলৈ কৈছে। একে সময়তে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কৈছে যে হামাছে বাকী ১২৯ জন পণবন্দীক মুকলি কৰি নিদিয়ালৈকে যুদ্ধ বন্ধ হ’ব নোৱাৰে।

হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ

You Might Also Like

নেপালৰ সংসদ পুনৰ বাহালৰ দাবী, সাংসদৰ স্বাক্ষৰ লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সাজু
উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জঙৰ দেশৰ মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ আহ্বান
বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিম অনাৰক গাৰুৰে মুখত হেঁচা মাৰি হত্যা
পাকিস্তানঃ এগৰাকী সাত বছৰীয়া হিন্দু কিশোৰীক অপহৰণ কৰাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল হিন্দু সম্প্ৰদায়।
ট্ৰাম্প-জেলেনস্কিৰ শান্তি আলোচনাৰ পূৰ্বে ৰাছিয়াৰ ইউক্ৰেইনত বৃহৎ আক্ৰমণ, মিছাইল আৰু ড্ৰ’নৰ আক্ৰমণত কিয়েভত আতংক

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দেশত পেট্ৰ'ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৭৯ ডলাৰৰ ওচৰত
Next Article কাইলৈ ২১ ডিছেম্বৰৰ পৰা আৰ এছ এছৰ মুৰব্বী ডা০ ভাগৱতৰ তিনিদিনীয়া পাটনা ভ্ৰমণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?