আজাৰবাইজানৰ পাহাৰত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। হেলিকপ্টাৰখনত ৰাষ্ট্ৰপতি ৰাইছি আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাব্দুল্লাহিয়ানসহ ৯জন লোক আছিল। তেওঁলোকৰ জীৱিতি থকাৰ আশা ম্লান হৈ পৰিছে।
BulletsIn
- আজাৰবাইজানৰ পাহাৰত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে।
- হেলিকপ্টাৰখনত ৰাষ্ট্ৰপতি ৰাইছি আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাব্দুল্লাহিয়ানসহ ৯জন লোক আছিল।
- দুৰ্ঘটনাস্থলীত জীৱনৰ কোনো লক্ষণ দেখা পোৱা নাই।
- দেওবাৰে সন্ধিয়া ৭:৩০ বজাত হেলিকপ্টাৰখন নিৰুদ্দেশ হয়।
- নেৰানেপেৰা বৰষুণ, কুঁৱলী আৰু শীতৰ বাবে উদ্ধাৰ অভিযানত বাধা সৃষ্টি হৈছে।
- উদ্ধাৰ অভিযানৰ সময়ত তিনিজন উদ্ধাৰকাৰী নিৰুদ্দেশ হৈছে।
- ইৰাণৰ আগশাৰীৰ বাতৰি কাকত তেহৰাণ টাইমছ আৰু ইৰাণ ইণ্টাৰনেশ্যনেল (ইংৰাজী সংস্কৰণ)ৰ বাতৰিয়ে হেলিকপ্টাৰ ধ্বংসাৱশেষ উদ্ধাৰ নিশ্চিত কৰিছে।
- ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম ই আৰ এন এৰ মতে, মথাউৰি উদ্বোধন কৰি উভতি অহাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়।
- ৰাষ্ট্ৰপতি ৰাইছি আমেৰিকাত নিৰ্মিত বেল ২১২ হেলিকপ্টাৰেৰে যাত্ৰা কৰিছিল।
- হেলিকপ্টাৰখনত আছিল পূব আজাৰবাইজান প্ৰদেশৰ গৱৰ্ণৰ মালিক ৰহমতী, তাব্ৰিজৰ ইমাম মহম্মদ আলী আলেইহাশ্বেম আৰু আন আনজনে।
