-হামাছ আৰু হিজবুল্লাহৰ শ শ ঘাটি ধ্বংস
-জাপানৰ সন্ত্ৰাসবাদী সেনাপতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ
টেল আভিভ/জেৰুজালেম/টকিঅ’, ৩১ অক্টোবৰ (হি.স.)। গাজাপট্টীৰ যুদ্ধৰ পঁচিশতম দিনা মঙলবাৰে ইজৰাইলৰ নিৰাপত্তা বাহিনী আৰু হামাছৰ সন্ত্ৰাসবাদীৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰে। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছে চলিত মাহৰ ৭ তাৰিখে ইজৰাইলৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ২৪ সংখ্যক দিনা সোমবাৰে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে যুদ্ধবিৰতিৰ কোনো সম্ভাৱনা নাকচ কৰাৰ পিছতে সমগ্ৰ নিশা গাজাপট্টীত ৰকেট আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ অব্যাহত থাকে। ইজৰাইলৰ বাহিনীয়ে তিনিফালৰ পৰা গাজা ঘেৰাও কৰিছে। সাজসজ্জিত বাহন আৰু টেংক লৈ সেনাই আগবাঢ়িছে, হামাছৰ ঘাটিত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইফালে, হামাছে মঙলবাৰে পুৱা ইজৰাইলৰ নিৰাপত্তা বাহিনীক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি দাবী কৰিছে। গাজাত যুদ্ধৰ জুইকুৰা বৃদ্ধি পোৱাৰ মাজতে জাপানে হামাছৰ কেইবাজনো সেনাপতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ইজৰাইলে হিজবুল্লাহৰ বহু লক্ষ্যত আক্ৰমণ কৰি সন্ত্ৰাসবাদী সংগঠনটোক ত্ৰাহি মধুসুদন সোঁৱৰাই দিছে। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
তুৰ্কীৰ পুঁজিৰে চলি থকা এখন চিকিৎসালয়ত বোমা বিস্ফোৰণঃ আংকাৰাৰ বিষয়াসকলৰ উদ্ধৃতিৰে আন এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে গাজাৰ তুৰ্কীৰ পুঁজিৰে চলি থকা এখন চিকিৎসালয়ত বোমা বিস্ফোৰণ কৰিছে। এই সংঘাতৰ মাজতে ইজৰাইলে জনাইছে যে মঙলবাৰে পুৱা মানৱীয় সাহায্যসহ ৩৯খন ট্ৰাকে গাজাত প্ৰৱেশ কৰিছিল। যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা মানৱীয় সাহায্য কঢ়িয়াই ১৭১খন ট্ৰাক গাজাত উপস্থিত হৈছে।
লেবাননত হিজবুল্লাহৰ লক্ষ্যত আক্ৰমণঃ ইজৰাইলৰ সেনাই লেবাননত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ কেইবাটাও লক্ষ্যত আক্ৰমণ চলাইছে। এই আক্ৰমণত সন্ত্ৰাসবাদী সংগঠনটোৱে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে, গাজাৰ পৰা ইজৰাইললৈ পাৰ হৈ অহা এজন সন্দেহযুক্ত লোকক গুলীয়াই হত্যা কৰে।
ইজৰাইলৰ বাহিনীৰ ওপৰত হামাছৰ টেংক বিৰোধী ক্ষেপণাস্ত্ৰ নিক্ষেপ: সন্ত্ৰাসবাদী সংগঠন হামাছে কয় যে মঙলবাৰে পুৱা গাজাত ইজৰাইলী বাহিনীৰ ওপৰত টেংক বিৰোধী ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। হামাছৰ সশস্ত্ৰ শাখা আল কাছাম ব্ৰিগেডে এই কথা দাবী কৰিছে। এই ব্ৰিগেডে কয় যে পুৱাৰ ভাগত দক্ষিণ গাজাৰ অক্ষত সন্ত্ৰাসবাদী আৰু ইজৰাইলী সেনাৰ মাজত তীব্ৰ সংঘৰ্ষ হৈছিল। আল ইয়াচিন ১০৫ ক্ষেপণাস্ত্ৰৰে চাৰিখন বাহনক লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে।
টকিঅ’ৰ বৃহৎ পদক্ষেপঃ জাপানৰ বৈদেশিক মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে জাপানে গাজাস্থিত সন্ত্ৰাসবাদী সংগঠন হামাছৰ সৈতে জড়িত ব্যক্তি আৰু এটা কোম্পানীত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। এই কোম্পানীয়ে হামাছক ধন আগবঢ়ায়। এই সকলোৰে সম্পত্তি জব্দ কৰা হ’ব। জাপানে নিজৰ সন্ত্ৰাসবাদী তালিকাত যোগ কৰিছে হামাছৰ মহম্মদ আহমেদ আব্দ আল-দয়িম নাছৰল্লাহ আৰু আয়মান নোফালকে ধৰি একাংশ ব্যক্তিৰ নাম।
নিৰ্বাচিত লক্ষ্য নিৰ্ধাৰণ: ইজৰাইলৰ বাহিনীয়ে সোমবাৰে তিনিটা দিশৰ পৰা গাজা চহৰৰ ক্ষতিগ্ৰস্ত আৰু ঘন জনবসতিপূৰ্ণ হামাছৰ দুৰ্গটোৰ ফালে আগবাঢ়ি যায়। নিশাৰ ভাগত বিমান আক্ৰমণত সমগ্ৰ অঞ্চলটো ধ্বংস হয়। গাজাৰ উত্তৰ প্ৰান্তত থকা শৰণাৰ্থী শিবিৰ আৰু দক্ষিণে ছালাহ আল-দিন ৰোডত হামাছৰ স্থান ভাঙি পেলোৱা হয়। ইফালে, হামাছৰ নিয়ন্ত্ৰিত পেলেষ্টাইনী স্বাস্থ্য বিষয়াৰ মতে, গাজাত এই বোমা বিস্ফোৰণত এতিয়ালৈকে ৮ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰে ৪০ শতাংশতকৈ অধিক শিশু। ইজৰাইলে কয় যে ইয়াৰে অধিকাংশৰে মৃত্যুৰ বাবে হামাছ দায়ী। সাধাৰণ নাগৰিকৰ আৱৰণত হামাছৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে।
হামাছৰ জিম্মাৰ পৰা উদ্ধাৰ জোৱান: ইজৰাইল সেনাই সোমবাৰে কয় যে তেওঁলোকে নিজৰ এজন জোৱানক উদ্ধাৰ কৰিছে। ৭ অক্টোবৰত হামাছে তেওঁক অপহৰণ কৰিছিল। হামাছৰ সন্ত্ৰাসবাদীয়ে তেওঁক গাজালৈ লৈ গৈছিল। সামৰিক মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল জনাথন কনৰিকাছে জনোৱা মতে, গাজাত সেনাবাহিনীৰ অব্যাহত থকা আক্ৰমণৰ সময়ত সোমবাৰে পুৱা ১৯ বছৰীয়া অৰি মেগিডিছক উদ্ধাৰ কৰা হয় ।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
