ৱাশ্বিংটন, ১০ ডিছেম্বৰ (হি.স.)। আমেৰিকাৰ অন্যতম শীৰ্ষ আৰু পুৰণি বিশ্ববিদ্যালয় পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ অধ্যক্ষ লিজ মেগিলে পদত্যাগ কৰিছে। পেনচিলভেনিয়াৰ অধ্যক্ষ হিচাপে লিজৰ দ্বিতীয় বছৰ আছিল। বিশ্ববিদ্যালয়খনৰ এক বিবৃতিত কয় যে ৫৭ বছৰীয়া লিজে বিশ্ববিদ্যালয়খনৰ কেৰী ল স্কুলৰ অধ্যাপক হিচাপে থাকিব। ইয়াৰ উপৰিও পৰৱৰ্তী অধ্যক্ষ নিযুক্তি পৰ্যন্ত অধ্যক্ষ পদৰ দায়িত্বও পালন কৰিব। এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল সন্মানীয় সাহিত্যিক বেঞ্জামিন ফ্ৰেংকলিনে। বেঞ্জামিন ফ্ৰেংকলিনক আমেৰিকাৰ প্ৰতিষ্ঠাপক আৰু পিতৃ বুলি কোৱা হয়।
আমেৰিকাৰ আগশাৰীৰ কাকত দ্য নিউয়ৰ্ক টাইমছৰ মতে, কলেজ চৌহদত ক্ৰমাৎ বৃদ্ধি পোৱা ইহুদী বিৰোধীতাৰ সন্দৰ্ভত লিজ মেগিলে আমেৰিকাৰ কংগ্ৰেছৰ সন্মুখত হাজিৰ হৈছিল। এই সময়ছোৱাত তেওঁক বাৰে বাৰে সোধা হৈছিল যে কেম্পাছত ইহুদী হত্যাকাণ্ডৰ আহ্বান জনোৱাটো বিদ্যালয়ৰ আচৰণ নীতি উলংঘা কৰা হৈছে নেকি? তথাপিও লিজ মেগিলে কোনো সন্তোষজনক উত্তৰ নিদিলে। এতিয়া খবৰ আহিছে যে বিশ্ববিদ্যালয়খনৰ দাতাসকলৰ সমালোচনাৰ বাবে লিজ মেগিলে নিজৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছে।
দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি ইজৰাইল-হামাছ যুদ্ধৰ বাবে আমেৰিকাৰ শিক্ষানুষ্ঠানসমূহত ইহুদী বিৰোধী কাণ্ড বৃদ্ধি পাইছে। মঙলবাৰে আমেৰিকাৰ কংগ্ৰেছৰ এখন কমিটীৰ সন্মুখত হাজিৰ হয় লিজ মেগিল। এই সময়ত হাৱাৰ্ড বিশ্ববিদ্যালয় আৰু এম আই টিৰ সভাপতিসকলো কমিটীৰ সন্মুখত হাজিৰ হয়। আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহে নিজৰ কেম্পাছত ইহুদী বিৰোধী কাণ্ড বন্ধ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ ফলত ইহুদী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নিৰাপত্তাহীনতাৰ অনুভূতি বৃদ্ধি পাইছে। লিজে আন বহু বিশ্ববিদ্যালয়ত শীৰ্ষস্থান দখল কৰিছে। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ আইন কেৰাণী হিচাপে কাম কৰি অহা তেখেত এগৰাকী প্ৰাক্তন ফেডাৰেল ন্যায়াধীশৰ কন্যা। ইয়াৰ পূৰ্বে লিজ মেগিল ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ আইন বিদ্যালয়ৰ ডীন আৰু ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ শীৰ্ষ প্ৰশাসক আছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
