ইছলামবাগ/ঢাকা, ২৩ আগষ্ট (হি.স.)। দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ বাবে আজি ঢাকাত উপস্থিত হ’ব পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী মহম্মদ ইছহাক দাৰ। বৈদেশিক মন্ত্ৰালয়ে এক্স-পোষ্টত প্ৰকাশ কৰিছে যে ৰাৱালপিণ্ডিৰ নূৰ খান এয়াৰবেছৰ পৰা দাৰ ৰাওনা হৈছে।
পাকিস্তানৰ ডন কাকতত প্ৰকাশিত বাতৰি অনুসৰি, প্ৰায় ১৩ বছৰৰ ব্যৱধানৰ অন্তত দেশখনৰ এজন বৈদেশিক মন্ত্ৰীয়ে বাংলাদেশ ভ্ৰমণ কৰি আছে বুলি বৈদেশিক মন্ত্ৰালয়ে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ পূৰ্বে ২০১২ চনৰ নৱেম্বৰ মাহত হিনা ৰাব্বানী খাৰে বাংলাদেশ ভ্ৰমণ কৰি তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছিল।
বাংলাদেশৰ দ্য ডেইলী ষ্টাৰ কাকতত প্ৰকাশিত বাতৰি অনুসৰি, বাংলাদেশৰ আমন্ত্ৰণত আজি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ঢাকাত উপস্থিত হ’ব পাকিস্তানৰ বৈদেশিক মন্ত্ৰী দাৰ। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কাইলৈ প্ৰথমে বাংলাদেশৰ বৈদেশিক উপদেষ্টা তৌহিদ হুছেইনক সাক্ষাৎ কৰিব। ইয়াৰ পিছত মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছক সাক্ষাৎ কৰাৰ কথা।
এই বৈঠকসমূহত দ্বিপাক্ষিক সম্পৰ্ক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব। দাৰৰ পূৰ্বে ২১ আগষ্টত বাংলাদেশ ভ্ৰমণৰ বাবে ঢাকাত আছে পাকিস্তানৰ বাণিজ্য মন্ত্ৰী জাম কমল খান।তেওঁ দাৰৰ সৈতে ৰাজ্যিক অতিথিশালা পদ্মাত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰিব। ইছলামবাদৰ এক কূটনৈতিক সূত্ৰই জনোৱা মতে, বাণিজ্য, সংস্কৃতি, সংবাদ মাধ্যম, প্ৰশিক্ষণ আৰু ভ্ৰমণৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক প্ৰসাৰিত কৰাৰ বাবে পাঁচখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
